আমাৰ প্ৰায় সকলোৰেই সপোন থাকে নিজা এখন বাহন কিনাৰ৷ কভিডৰ পৰবৰ্তী সময়ত বহুতেই অনুভৱ কৰিছে এখন নিজা বাহন কিয় লাগে৷ শৌখিনতাৰ বাবেই নহয় বাহন এখন জীৱনযাত্ৰাৰ অপৰিহাৰ্য অংগও হৈ পৰিছে৷ কিন্তু প্ৰয়োজন অনুভৱ কৰিলেও বাহন কিনিব পৰাকৈ সকলোৰে হাতত ধন নাথাকে৷ তাৰবাবে প্ৰয়োজন হৈ পৰে বেংক লোনৰ৷ অৰ্থাৎ ঘৰ নিৰ্মাণৰ বাবে যেনেকৈ হোম লোন ল’ব পাৰে তেনেকৈ বাহন কিনাৰ বাবে আমাৰ প্ৰধান ভৰসা কাৰ লোন৷
এই ৫ বেংকে সকলোতকৈ সস্তাত কাৰ লোন দিছে৷ এক নজৰত জানি থওক ৫লাখৰ লোনত কিমান টকা EMI দিব লাগিব? যিসকলে বেংকৰ পৰা কাৰ লোন লৈ বাহন কিনিব খুজিছে তেওঁলোকে জানি থওক কোন বেংকে কম সুদৰ হাৰত কাৰ লোন অফাৰ কৰিছে৷ ইউকো বেংকত কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৪৫ শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI হ’ব ১০, ২৪৬ টকা৷
ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৭০শতাংশৰ পৰা ১০. ৪৫শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫ লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI আৰম্ভ হ’ব ১০, ৩১৭ টকাৰ পৰা৷
পঞ্জাৱ নেশ্ব্যনেল বেংকৰ কাৰ লোনৰ ক্ষেত্ৰত সুদৰ হাৰ প্ৰতি বছৰে ৮.৭৫শতাংশৰ পৰা ১০.৬০শতাংশ৷ অৰ্থাৎ এই বেংকৰ পৰা ৫লাখ টকাৰ কাৰ লোনৰ ক্ষেত্ৰত মাহিলী EMI হ’ব ১০, ৩১৯ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ