আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস
দেশজুৰি উলহ-মালহেৰে উদযাপিত হৈছে স্বাধীনতা দিৱস৷
ৰাজ্যৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস
এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
ৰাজধানী দিল্লীতো আয়োজন স্বাধীনতা দিৱসৰ কাৰ্যসূচী
লালকিল্লাত স্বাধীনতা দিৱসৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
ইতিমধ্যে ৰাজঘাটত সেৱা জনাই লালকিল্লা অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী মোদী৷
লালকিল্লাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক পেৰেডেৰে জনোৱা হৈছে আদৰণী
মোদীৰ সৈতে একেলগে লালকিল্লাত উপস্থিত হৈছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙো৷
কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, অজিত ডোভাল, নিৰ্মলা সীতাৰমণ, অমিত শ্বাহকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত হৈছে লালকিল্লাত৷
বিৰোধী দলপতি ৰাহুল গান্ধীও উপস্থিত হৈছে লালকিল্লাত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ