চলিত বৰ্ষত আৰু ৩ বাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান, ক’ত কি খেলত
চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত প্ৰৱেশৰ যুঁজ এতিয়াও চলি আছে। অৱশ্যে আয়োজক পাকিস্তান ভাৰতৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে। যাৰ ফলত প্ৰতিযোগিতাখন জয় হোৱাৰ দৰে সুখি হৈ পৰিছে ভাৰতীয় ক্ৰিকেট প্ৰেমী সকল। ভাৰত-পাকিস্তানৰ খেল মানেই যে বিশ্বকাপ ফাইনেল লেখিয়া। ক্ৰিকেট অনুৰাগীসকলেও অধীৰ আগ্ৰহেৰে বাট চাই থাকে।
সেই ক্ৰিকেট প্ৰেমীসকলৰ বাবে ভাল খবৰ। চীৰ বৈৰী নাম থকা ভাৰত আৰু পাকিস্তানৰ মাজত চলিত বৰ্ষত আৰু কমেও তিনিবাৰ মুখামুখি হ’ব। এছিয়ান ক্ৰিকেট কাউন্সিলে ২০২৫ চনৰ এছিয়া কাপ আয়োজনৰ দায়িত্ব ভাৰতক প্ৰদান কৰিছে। কিন্তু নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
কাৰণ, এ চি চিৰ নিয়ম অনুসৰি যেতিয়াই ভাৰত আৰু পাকিস্তানে এছিয়া কাপ আয়োজনৰ দায়িত্বত থাকিব তেতিয়াই প্ৰতিযোগিতাখন নিৰপেক্ষ দেশৰ মাটিত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানে কমেও তিনিবাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে।
এচিচিয়ে এতিয়াও সভাস্থলী চূড়ান্ত কৰা নাই যদিও সংযুক্ত আৰব আমিৰশ্বাহী আৰু বাংলাদেশক নিৰপেক্ষ দেশ হিচাপে গণ্য কৰা হৈছে। অৱশ্যে ইয়াৰ আয়োজক হ’ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। ২০১৮ চনত ভাৰতে এছিয়া কাপ আয়োজন কৰিছিল। কিন্তু এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল এমিৰেটছত। ১৯৯১ চনৰ পৰা এই প্ৰতিযোগিতা ভাৰতৰ মাটিত অনুষ্ঠিত হোৱা নাই।
২০২৩ চনত এছিয়া কাপ আয়োজন কৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। পাকিস্তানে ভাৰতলৈ নাযাওঁ বুলি ঘোষণা কৰিছিল। কেইবামাহো অচলাৱস্থাৰ অন্তত সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতিযোগিতাখন শ্ৰীলংকাত অনুষ্ঠিত হ’ব।
সূত্ৰ অনুসৰি এছিয়া কাপ ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা চতুৰ্থ সপ্তাহলৈ অনুষ্ঠিত হ’ব। ১৯খন খেল অনুষ্ঠিত হ’ব। আঠটা দলে অংশগ্ৰহণ কৰিব পাৰিব- ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আৰু হংকং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ