আৱেগ ধৰি ৰাখিব নোৱাৰিলে৷ হোৰাহোৰে কান্দিয়েই পেলাইছে৷ সতীৰ্থক সাবটি কান্দোনত ভাঙি পৰিছে৷ তাৰপাছতেই হাতত জাতীয় পতাকা লৈ ফিল্ডত দৌৰ৷ হাৰ্দিক পাণ্ডিয়াৰ এই কাম দেখি কান্দি পেলাইছে বহুজনে৷ হাৰ্দিকৰ চকুৰ পানীয়ে বুজাইছে তেওঁ কিমান স্বাস্তি পাইছে এই বিজয়ত৷ মঞ্চত যেতিয়া তেওঁক ক’বলৈ সুযোগ দিয়া হ’ল তেতিয়াই হাৰ্দিকৰ কথাই বুজাই দিলে তেওঁ কিমান মানসিকভাৱে শক্তিশালী হৈ এই খেল খেলি আছিল৷ বিগত ৬মাহ ধৰি এই দিনটোৰেই অপেক্ষা কৰিছিল হাৰ্দিকে৷
বিশ্বকাপ জয় কৰাৰ পাছতেই হাৰ্দিকে কয়, ‘খুব আৱেগপ্ৰৱণ হৈ পৰিছো৷ বহু পৰিশ্ৰম কৰিছো৷ কিন্তু সাফল্য অহা নাছিল৷ মোৰ বাবে এই মুহূৰ্ত সেয়ে আৰু অলপ বিশেষ৷ কাৰণ বিগত ছমাহত মোৰ সৈতে বহু ঘটনা ঘটিছে৷ চুপ আছো?৷ কাক কি কম৷ ক’লেই মোকেই মানুহে ট্ৰল কৰিব৷ মনে মনে আছো৷ জানিছিলো পৰিশ্ৰম কৰিছো যদি এদিন ইয়াৰ ফল পামেই৷ জানিছিলো এই দিনটো আহিবই৷’
সময় কঠিন হ’লেও নিজৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল হাৰ্দিকে৷ তেওঁ কয়, ‘মোৰ বিশ্বাস আছিল৷ পৰিকল্পনা কৰিছিলো৷ সেয়া কামত লগোৱাৰ চেষ্টা কৰিছো৷ শেষ পাঁচ অভাৰৰ বাবে বুমৰা আৰু বাকী বলাৰসকলক ধন্যবাদ৷ নিজকে শান্ত ৰখাৰ চেষ্টা কৰিছো৷ প্ৰতিটো বলত ১০০ শতাংশ দিছো৷ সকলো সময়তে চাপ সামৰি ভালেই লগা হৈছে৷ এই মেচো আমি চাপৰ মাজতেই জিকিছো৷’
কোচ হিচাপে বিশ্বকাপ জিকিছে ৰাহুল দ্ৰাবিড়েও৷ ইয়াৰপাছতেই কোচৰ পদ এৰিব ৰাহুলেও৷ দ্ৰাবিৰৰ বাবেও খুবেই সুখী হাৰ্দিক৷ তেওঁ কয়, ‘দ্ৰাবিড় খুব ভাল মানুহ৷ তেওঁৰ বাবেও খুব আনন্দিত৷ তেওঁৰ অধীনত খুব ভাল সময় কটাইছো৷ তেওঁক যে এই ধৰণেৰে বিদায় দিব পাৰিছো সেই কথা ভাৱিয়েই আমি খুব সুখী৷ আমাৰ তেওঁৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক আছে৷’ হাৰ্দিকে কথা কৈ থকাৰ সময়তে হাৰ্দিকৰ কাষলৈ আহে ৰোহিত৷ হাৰ্দিকক সাবটি চুমা খাই ৰোহিতে৷ তাৰপাছতেই দুজনেই দুজনক সাবটি কৰা উল্লাস দেখি আনন্দৰ চকুলো টুকিছে প্ৰায়সংখ্যক ভাৰতীয়ই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ