অসম লাইভ২৪ঃ জন্ম ছেকেন্দ্ৰাবাদত৷ পঢ়াশুনা দিল্লীত৷ খেলাধুলাৰ আৰম্ভনিও দিল্লীতেই৷ কিন্তু ফুটবল কেৰিয়াৰৰ প্রথম চাৰি বছৰ খেলিছে কলকাতাৰ মোহনবাগানত৷ ইষ্টবেংগলৰ হৈ খেলিছে দুবছৰ৷ কলকাতাতেই দেশৰ জাৰ্ছি পিন্ধি জীৱনৰ শেষ মেচো খেলিলে সুনীল ছেত্ৰীয়ে৷ সুনীল ছেত্ৰীৰ অৱসৰৰ লগে লগেই অৱসান ঘটিল এটা যুগৰ৷
বৃহস্পতিবাৰে পুৱাই সামাজিকমাধ্যমযোগে এক ভিডিঅ’বাৰ্তা শ্বেয়াৰ কৰিছে সুনীল ছেত্ৰীয়ে৷ ভিডিঅ’ বাৰ্তাত সুনীলে কৈছে, ‘জীৱনৰ এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰিম৷ যিদিনা দেশৰ জাৰ্ছি প্ৰথমবাৰ পিন্ধিছিলো৷ ভাৰতৰ হৈ খেলত নামিছিলো৷ অবিশ্বাস্য অনুভূতি আছিল সেয়া৷ দেশৰ হৈ খেলিবলৈ সুযোগ লাভ কৰাৰ আগদিনা পুৱা জাতীয় দলত আমাৰ কোচ সুখবিন্দৰ সিং ছাৰ আহি মোক জনাইছিল যে, মই প্ৰথম একাদশত আছো৷ সেই সুখানুভূতি কেনে আছিল মই ভাষাৰে বুজাব নোৱাৰিম৷’
উল্লেখ্য যে ২০০৫ চনৰ ১২ জুনত পাকিস্তানৰ বিৰুদ্ধে জাতীয় দলৰ জাৰ্ছী প্ৰথম পিন্ধিছিল সুনীল ছেত্ৰীয়ে৷ অভিষেক মেচতেই গল দিছিল সুনীলে৷ সুনীলৰ প্রথম আন্তৰ্জাতিক প্ৰতিযোগীতা আছিল ২০০৭ চনৰ নেহৰু কাপ৷ প্ৰথম মেচত কম্বোডিয়াক ৬-০ গলত হৰুৱাই ভাৰতীয় দলে৷ সেই মেচত দুটা গলেই দিছিল সুনীলে৷ চিৰিয়াৰ বিৰুদ্ধে হোৱা খেলত পৰাস্ত হ’লেও কিৰঘিজস্থানৰ বিৰুদ্ধে খেলা মেচত জয়ী হৈছিল ভাৰতীয় দল৷ সেই মেচতো সুনীলৰ গলেই ভাৰতীয় দলক দিছিল জয়ৰ সোৱাদ৷
সেয়া আৰম্ভণি৷ তাৰপাছতেই ক্ৰমশ ভাৰতৰ এক নম্বৰ ষ্ট্ৰাইকাৰ হৈ উঠে সুনীল৷ বাইছুং ভুটীয়াই অৱসৰ নোৱাৰ পাছত সুনীলেই ভাৰতীয় ফুটবলৰ মুখ হৈ উঠে৷ নিজস্ব প্ৰতিভা আৰু দক্ষতাৰে তেওঁ বাকীসকলক টক্কৰ দিয়ে৷ কিমানবাৰ তেওঁ ভাৰতক লজ্জাৰ পৰা ৰক্ষা কৰিছিল সেই কথা কৈ শেষ কৰিব নোৱাৰি৷ তেঁওক লৈ সেয়ে দেশেও গৰ্ব কৰে৷ বৰ্তমান পৰ্যন্ত সুনীলৰ উত্তৰসূয়ী অহা নাই ভাৰতীয় দললৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ