কথমপি প্ৰাণ ৰক্ষা ২২৭ যাত্ৰীৰ, শ্ৰীনগৰলৈ গৈ থকা বিমান মাজ আকাশতে শিলাবৃষ্টিত তচনচ
শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ বিমান এখনে বেয়া বতৰৰ বাবে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। কথমপি প্ৰাণৰক্ষা পৰে বিমান খনত থকা ২২৭ গৰাকী যাত্ৰীৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰা যাত্ৰী সকলৰ সকলোৰে এটাই মন্তব্য- “এয়া আছিল মৃত্যুৰ ওচৰৰ পৰা কোনোমতে উভতি অহা তথা মৃত্যু দেখি অহাৰ দৰে অভিজ্ঞতা।”
উল্লেখ্য যে, শ্ৰীনগৰ অভিমুখী বিমান এখনত আছিল ২২০ যাত্ৰী আৰু ৭ ক্ৰু মেম্বাৰ। এই যাত্ৰী সকলৰ ভিতৰত আছিল ৫জনীয়া তৃণমূলৰ প্ৰতিনিধি দল এটাও।
বুধবাৰে দিল্লীৰ পৰা শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ খন বেয়া বতৰৰ বাবে প্ৰতিকূল পৰিস্থিতিত আবদ্ধ হৈ পৰে যাৰ পিছত পাইলটে শ্ৰীনগৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণক ‘জৰুৰীকালীন অৱস্থা’ৰ খবৰ দিয়ে আৰু তাৰ পিছত নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে।
ছ’চিয়েল মিডিয়াত এই ভয়ংকৰ মুহূৰ্তৰ ভিডিঅ’ প্ৰকাশ পাইছে, মাজ আকাশতে প্ৰচণ্ড শিলাবৃষ্টিৰ মুখামুখি হয় বিমানখন। য’ত বিমানখন কঁপি থকাৰ সময়তে আতংকিত যাত্ৰীসকলে প্ৰাৰ্থনা কৰি তকা ভিডিঅ ভাইৰেল হৈছে।
এই ঘটনা সন্দৰ্ভত ইণ্ডিগ’ই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি কয়, “দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ’ৰ ৬ই ২১৪২ নং বিমানখনে হঠাতে শিলাবৃষ্টিৰ সন্মুখীন হয়। বিমান আৰু কেবিন ক্ৰুৱে প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰণ কৰি বিমানখন নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে। বিমানখন অহাৰ পিছত বিমানবন্দৰৰ দলটোৱে যাত্ৰীসকলৰ খা-খবৰ লয়।এই দুৰ্ঘটনাত বিমানখন সমুখৰ ফালে কিছু ক্ষতিগ্ৰস্ত হ’য়।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















