আকৌ অশান্ত মণিপুৰ৷ পাঁচ দিনৰ বাবে উত্তৰ পূব ভাৰতৰ এই ৰাজ্যত ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিয়া হৈছে৷ মণিপুৰৰ স্বৰাষ্ট্ৰ দপ্তৰৰ পক্ষৰ পৰা জনোৱা হৈছে যে, সামাজিক মাধ্যমত উচটনিমূলক পোষ্ট, ছবি, ভিডিঅ’ আদি ভাইৰেল কৰাৰ প্ৰৱণতা বঢ়াৰ বাবেই ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰি দিয়া হৈছে৷ ৰাজ্য চৰকাৰেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷
বিবৃত্তিত জনোৱা হৈছে যে সকলো ব্ৰডবেণ্ড, মোবাইল ইণ্টাৰনেট পৰিসেৱা বন্ধ কৰা হৈছে ১০ ছেপ্টেম্বৰৰ দুপৰীয়া ৩বজাৰ পৰা ১৫ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বজা পৰ্যন্ত বন্ধ থাকিব মোবাইল ইণ্টাৰনেট৷ মণিপুৰত আকৌ হিংসাৰ দাৱানল জ্বলি উঠিছে৷ ফলত ইণ্টাৰনেট পৰিসেৱা বন্ধৰ ওপৰিও পূব আৰু পশ্চিম ইম্ফল আৰু থৌবালত জাৰি কৰা হৈছে কাৰ্ফিউ৷ ইয়াৰ পূৰ্বে ইম্ফল আৰু পূব আৰু পশ্চিমৰ জিলাশাসকে পুৱা ৫ বজাৰ পৰা ১০ বজা পৰ্যন্ত কাৰ্ফিউ শিথিল কৰাৰ কথা জনাইছিল৷
আইনশৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ মঙলবাৰে বিয়লি ১১ বজাৰ পৰা পূৰ্ববৰ্তী নিৰ্দেশিকা বাতিল কৰা হৈছে৷ ইফালে সোমবাৰৰ দৰে মঙলবাৰেও ৰাজ্যজুৰি সমস্ত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা কৰিছে মণিপুৰ বিদ্যালয় শিক্ষা দপ্তৰে৷ মেইতেইসকলৰ অভিযোগ অনুসৰি কুকি সম্প্ৰদায়ৰ সন্দেহজনক জংগীয়ে ৰাজ্যজুৰি ড্ৰোণ, ৰকেট আক্ৰমণ চলাইছে৷ জিৰিবামসহ ৰাজ্যৰ একাধিক স্থানত নাশকতাৰ পৰিমানো বাঢ়িছে৷ দেওবাৰে নিশা ইম্ফলৰ পশ্চিম জিলাৰ তিদ্দিম ৰাস্তাত এক প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলিচালনা কৰিছে৷ সমাবেশত প্ৰায় এহেজাৰ মানুহে অংশগ্ৰহণ কৰিছিল৷ গুলী চলোৱাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ এফালে গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ এবছৰ পাছতো হিংসা কমোৱাত ব্যৰ্থ হৈছে প্ৰশাসন৷ ঘৰে বাহিৰে প্ৰৱল চাপত এতিয়া মুখ্যমন্ত্ৰী এন বিৰেণ সিং৷
অশান্ত মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ ৰাজ্যৰ হাতত সৰ্বোচ্চ ক্ষমতা দিয়াৰ দাবী জনাইছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে৷ দেওবাৰে ৰাজ্যপাল লক্ষণ আচাৰ্যৰ সৈতে দেখা কৰিবলৈ গৈ একাধিক দাবী সম্বলিত এখন স্মাৰকলিপিও জমা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি কুকি সম্প্ৰদায়ৰ সৈতে কেন্দ্ৰৰ চুক্তি স্থগিত ৰখা বিষয়টো বাতিল কৰা, ভাৰত ম্যানমাৰ সীমান্ত জুৰি কাটাতাঁৰৰ বেৰ লগোৱাৰ কাম দ্ৰুতভাৱে শেষ কৰা, ১৯৬১ চনক বেচ ইয়েৰ হিচাপে ধৰি ৰাজ্যত এন আৰ চি আৰম্ভ কৰা আদি বিষয় স্মাৰকত তুলি ধৰিছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ