ঋষভ পন্তেই হ’ব লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক
ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তক লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। সোমবাৰে এই কথা ঘোষণা কৰে দলৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই। তেওঁ কয় যে আগন্তুক সময়ত পন্ত আই পি এলৰ ইতিহাসৰ সবাতোকৈ সফল অধিনায়ক হিচাপে পৰিগণিত হ’ব।
গোৱেংকাই কয়- অতি সহজ আৰু ভৱিষ্যতৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্ত। পন্তক ক্ৰয় কৰাৰ সময়তে দলে ভাবিছিল জয় হোৱাটো নিশ্চিত। পন্তে ভাল ফল আনিব দললৈ।
সেয়ে এইবাৰৰ আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল পণ্ট । পন্তক ২৭ কোটি টকাৰে ক্ৰয় কৰিছিল লক্ষ্নৌ দলে।
প্ৰথম অৱস্থাত ঋষভ পন্তক লৈ লক্ষ্ণৌ আৰু আৰ চি বিৰ মাজত যুদ্ধ হৈছিল। ২ কোটি টকাৰ ভিত্তি মূল্যৰে নিলামত প্ৰৱেশ কৰিছিল পণ্টে আৰু মাথো কিছু সময়ৰ ভিতৰতে ১০ কোটি টকা অতিক্ৰম কৰি সেষত ২৭ কোটি টকাত লক্ষ্নৌৰ সৈতে জড়িত হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















