অসম লাইভ২৪ঃ সাপ্তাহিক ছুটী কটাবলৈ মলদ্বীপলৈ যাত্ৰা কৰিছে শ্ৰী-দেৱীৰ কন্যা জাহ্নৱী কাপুৰ। মধুৰ সময় অতিবাহিত কৰিছে জাহ্নৱীয়ে। সমূদ্ৰৰ নীলা পানীৰ মাজত নিয়ন কালাৰৰ বিকিনি পিন্ধি শ্বেয়াৰ কৰা কেইখনমান ফটো এতিয়া নেটদুনীয়াত ভাইৰেল হৈ পৰিছে। এখন জালৰ ওপৰত বহি আছে জাহ্নৱী, সামুদ্ৰিক বতাহে উৰুৱাইছে চুলি, পিছফালৰ পৰা উঠোৱা ছবিখন শ্বেয়াৰ কৰি জাহ্নৱীয়ে কেপশ্ব্যনত লিখিছে, ‘মেলা চুলি, মুকলি আকাশ, সমূদ্ৰৰ লুণীয়া বতাহ।’ লুণীয়া সামুদ্ৰিক বতাহত নিজকে এৰি দি কি বুজাইছে জাহ্নৱীয়ে?
কেৱল সেই বিশেষ ফটোকেইখনেই নহয়। বৃহস্পতিবাৰে ৰঙীন সামূদ্ৰিক পোছাক পৰিধান কৰি বিশেষ এখন ছবিও শ্বেয়াৰ কৰিছে জাহ্নৱীয়ে। ফটোখনৰ তলত কেপশ্ব্যনত জাহ্নৱীয়ে লিখিছে ‘২৮ ঘণ্টা এনজয় হ’ব।’ ভাইৰেল ছবিকেইখন দেখা মাত্ৰকেই নেটিজেনে কৈছে এই প্ৰমোদবিলাসত জাহ্নৱী হয়তো অকলেই গৈছে। জাহ্নৱীৰ আশে পাশে কোনো চিনাকী মুখ এতিয়ালৈ নজৰত অহা নাই। ফটোৰ সকলোবোৰ ফ্ৰেমতেই অকলেই দেখা গৈছে শ্ৰীদেৱীৰ দুহিতা জাহ্নৱী কাপুৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ