হিন্দুধৰ্মত কৈলাশ পৰ্বতক ঈশ্বৰৰ বাসভূমি বুলি কোৱা হয়। কৈলাশৰ পৰাই আছে স্বৰ্গ আৰোহণৰ পথ বুলিও লোকবিশ্বাস যুগে যুগে চলি আহিছে। ৰহস্যময় কৈলাশলৈ সেয়ে যুগে যুগে বহু মানুহ আহে। ৰহস্যময় দুৰ্গম পথ পাৰ হৈ আহে বহু পৰ্যটক। উদ্দেশ্যে এটাই এই পৰ্বতৰ বুকুত লুকাই থকা ৰহস্য নিৰীক্ষণ কৰা। কিন্তু এতিয়াও কৈলাশ পৰ্বতৰ বহু তথ্য গোপনেই আছে। তিব্বত মালভূমিৰ পৰা ২২,০০০ ফুট ওপৰত অৱস্থিত এই কৈলাশ পৰ্বত। হিন্দু ধৰ্মাৱলম্বীৰ ওপৰিও বৌদ্ধসকলৰ বাবেও এই মন্দিৰ অত্যন্ত পবিত্ৰ। কিন্তু আজিও কৈলাশৰ সকলো স্থানত পৰ্যটক বা কোনো ঋষি মুনিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কৈলাশৰ বেছিভাগ এলেকাত এতিয়াও মানুহ যোৱা সম্ভৱপৰ নহয়।
কৈলাশ পৰ্বতৰ বৈশিষ্ট্য
কৈলাশ পৰ্বতৰ আকাৰ বহু পৰিমানে পিৰামিডৰ দৰে। এই পাহাৰত আছে বহু প্ৰাচীন গুহা বা গুফা। এই গুহাসমূহত এতিয়াও বহু বৌদ্ধ আৰু হিন্দু সন্যাসীয়ে তপস্যা কৰি থকা দেখা যায়। এই সন্নাসীসকলে লোকচক্ষুৰ পৰা আঁতৰি বছৰ বছৰ ধৰি এই গুহাসমূহত তপস্যা কৰি আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী কৈলাশ আৰু মানস সৰোবহ চাবৰ বাবেই আহে। কিন্তু দুৰ্গম প্ৰাকৃতিক পৰিবেশৰ কাৰণে বহুতে এই যাত্ৰা সম্পূৰ্ণ কৰিবও নোৱাৰে। কৈলাশ পৰ্বতৰ শৃংগ এতিয়াও অৱশ্যে কোনো লোকে আহৰণ কৰিব পৰা নাই। এক নিৰ্দিষ্ট পয়েণ্টৰ ওপৰত আৰু কোনো লোককে যাবলৈ দিয়া নহয়।
কৈলাশ পর্বতৰ ৰহস্য
হিন্দুসকলৰ মতে কৈলাশ পৰ্বত মাউণ্ট মেৰুৰ এটা অংশ। ইয়াৰ পূৰ্বে কৈলাশ পৰ্বতৰ শীৰ্ষলৈ যাত্ৰা কৰিবলৈ পৰ্বতাৰোহীসকলে চেষ্টা কৰিলেও এতিয়ালৈকে কোনোৱে এয়া সম্ভৱ কৰিব পৰা নাই। হিন্দুধৰ্ম অনুসৰি কৈলাশ পৰ্বত যিহেতু মহাদেৱৰ বাসস্থান সেয়ে ইয়াৰ শৃংগ আৰোহন কৰাটো বৈধ নহয়। কৈলাশ পৰ্বতলৈ পদব্ৰজে যোৱাৰ অনুমতি অৱশ্যে আছে। তিব্বতি লোককথা অনুসৰি মিলাৰেপা নামৰ এজন বৌদ্ধ সন্ন্যাসীয়ে এবাৰ কৈলাশ পৰ্বতৰ শীৰ্ষৰ কাষ পাইছিলগৈ। তাৰপৰা তেওঁ ওভতি আহি সকলোকে সাৱধানবাণী দিয়ে যে ঈশ্বৰৰ বাসস্থানৰ কাষলৈ নোযোৱাটোৱেই মংগল।
মানস সৰোবৰ আৰু ৰাক্ষস তাল
কৈলাশ পৰ্বতৰ তলতেই আছে মানস সৰোবৰ আৰু লগতে আছে অপৰূপ সুন্দৰ হ্ৰদ ৰাক্ষস তাল। ১৪,৯৫০ ফুট ওপৰত অৱস্থিত মানস সৰোবৰ হৈছে বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। উল্লেখ্য যে মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত কিন্তু ৰাক্ষসতালৰ পানী সকলো সময়তে অশান্ত।শিৱক প্ৰসন্ন কৰিবৰ বাবে ৰাক্ষসৰাজ ৰাৱণে যি প্ৰখৰ তপস্যা কৰিছিল তাৰ পৰাই ৰাক্ষসতালৰ উত্পত্তি বুলি কোৱা হয়। সেয়ে এই হ্ৰদৰ পানী অশান্ত। ৰাক্ষসতালৰ পানীত কোনোধৰণৰ জলজ উদ্ভিদ বা প্ৰাণী দেখা নাযায়।
পৃথিবীৰ কেন্দ্র
কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয়। কৈলাশ পৰ্বত কছমিক অক্সিছ বা ৱাৰ্ল্ড পিলাৰ নামেৰেও পৰিচিত। কৈলাশ পৰ্বতেৰেই স্বৰ্গৰ পথ আছে বুলিও বহুতে দাবী কৰে। বহুতৰে মতে কৈলাশ পৰ্বতৰ পৰা ওভতি আহিলে হঠাত্ চুলি আৰু নখ অত্যাধিক দীঘলো হয়। কথিত অনুসৰি এবাৰ এজন ছাইবেৰিয়াল পৰ্বতাৰোহীয়ে কৈলাশ পৰ্বতৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰিছিল। সেই স্থানত প্ৰৱেশ কৰাৰ পাছতেই তেওঁৰ বয়স কেইবা দশক বাঢ়ি যায় আৰু এই ঘটনাৰ এবছৰৰ পাছতেই বাৰ্ধক্যজনিত কাৰণত পৰ্বতাৰোহীজনৰ মৃত্যু হয়।
ডম্বৰুৰ শব্দ বাজি থাকে কৈলাশত
কৈলাশ পৰ্বত আৰু মানস সৰোবৰত সকলো সময়তে ডম্বৰু বজাৰ শব্দ শুনা যায়৷ ইয়াৰ সৈতে ওম ধ্বনি শুনিবলৈ যোৱা যায়৷ ইয়াত এই শব্দ নিৰন্তৰে শুনা যায়৷ কিন্তু কৰ পৰা এই শব্দ আহে সেই বিষয়ে আজিও কোনো তথ্য আৱিস্কাৰ কৰিব পৰা নাই বিজ্ঞানীয়ে৷ বহুতৰে দাবী যে বৰফ গলি পৰাৰ শব্দই ডম্বৰুৰ শব্দ যেন লাগে৷
কৈলাশ পৰ্বতৰ ৭টা পোহৰ
কৈলাশ পৰ্বতত সাত ৰঙৰ পোহৰ দেখা যায়৷ নিশাৰ ভাগত এই পৰ্বতত ৭ ৰঙৰ পোহৰ দেখা যায়৷ এই পোহৰৰ ৰহস্য আজিও ভেদ কৰিব পৰা নাই বিজ্ঞানীয়ে৷ চৌম্বকীয় শক্তিৰ পৰাই এই পোহৰ নিৰ্গত হয় বুলি বহুতৰে ধাৰণা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ