অসম লাইভ ২৪ঃ অৰ্থ সংকটত পৰিছে বলীউডৰ ‘কুইন’। অভিনেত্ৰী কংগনা ৰাণাৱটৰ হাতত বৰ্তমান কামৰ অভাৱ। কামৰ অভাৱৰ বাবে বিগত বৰ্ষৰ ৫০ শতাংশ আয়কৰ এতিয়াও দিব পৰা নাই অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াযোগে এই কথা নিজেই জানিবলৈ দিছে কংগনাই। কংগনাই ইনষ্টাগ্ৰামৰ ষ্ট’ৰীত লিখিছে ‘যদিও মই সৰ্বোচ্চ কৰৰ শ্ৰেণীত অন্তৰ্ভুক্ত তথাপিও মই আয়কৰৰ প্ৰায় ৪৫ শতাংশহে আদায় দিবলৈ সক্ষম হৈছো। সৰ্বাধিক পৰিমাণৰ কৰ আদায় দিয়া অভিনেত্ৰী হোৱা স্বত্বেও কামৰ অভাৱত বিগত বৰ্ষৰ প্ৰায় ৫০ শতাংশ কৰৰ ধন এতিয়াও মই আদায় দিবলৈ সক্ষম হোৱা নাই। জীৱনত প্ৰথমবাৰৰ বাবে মই কৰ আদায় দিবলৈ সক্ষম নাই হোৱা।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ