বিশ্বৰ দৰবাৰত দেশৰ নাম উজ্বলোৱা ৪ গৰাকীলৈ ২০২৪ চনৰ খেল ৰত্ন
২০২৪ চনটো বিশেষভাৱে উল্লেখনীয় গৈ ৰব ভাৰতীয় খেলুৱৈ সকলৰ বাবে। বিশ্বৰ দৰবাৰত দেশৰ নাম উজ্বলাই সুনাম কঢ়িয়াবলৈ সক্ষম হয়। বিশ্বৰ দৰবাৰত ভাৰতৰ শ্ৰেষ্ঠত্বৰ স্থানত উপনীত কৰোৱা সেই খেলুৱৈ সকললৈ আগবঢ়োৱা হৈছে খেল ৰত্ন বঁটা।
দেশৰ ৪ গৰাকী খেলুৱৈলৈ প্ৰদান কৰা হৈছে খেলৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা। এই তালিকাৰ শীৰ্ষত ডবা চেম্পিয়ন গুকেশ ডি। বিশ্বৰ দৰবাৰত ভাৰতৰ হৈ বিশ্ব চেম্পিয়ন হোৱা সবাতোকৈ কম বয়সীয়া গ্ৰেণ্ড মাষ্টাৰ গুকেশ ডিয়ে এই খেল ৰত্ন বঁটা লাভ কৰে।
তালিকাত থকা অন্য ৩ গৰাকী খেলুৱৈ হৈছে-
হৰমনপ্ৰীত সিং, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীতে ২০২৪ চনৰ খেলৰত্ন বঁটা লাভ কৰে।
প্ৰবীন কুমাৰ- পেৰা খেলুৱৈ প্ৰবীনে ২০২৪ চনৰ পেৰা অলিম্পিকত ৰেকৰ্ড গঢ়াৰ লগতে সোণৰ পদক জয় কৰিছিল। সেই প্ৰবীনলৈ ২০২৪ ৰ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে।
মনু ভাকেৰ- শ্বুটাৰ খেলুৱৈ মনু ভাকেৰলৈও এইবাৰৰ খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে। মনুৱে ২০২৪ৰ পেৰিছ অলিম্পিকত শ্বুটিঙত ইতিহাস ৰচি দুটাকৈ ব্ৰঞ্জৰ পদক জয় কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















