অসম লাইভ ২৪ঃ ৰাজীৱ গান্ধীৰ পৰিৱৰ্তে মেজৰ ধ্যানচান্দৰ নামেৰে প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’। শেহতীয়াকৈ খেলৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামাকৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। দেশবাসীৰ ইচ্ছাক সন্মান জনাই শুকুৰবাৰে এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে তেওঁ কয়, ‘ক্ৰীড়াক্ষেত্ৰই সমগ্ৰ দেশক গৌৰাৱান্বিত কৰাৰ সময়তে দেশবাসীয়ে খেলৰত্ন বঁটাক মেজৰ ধ্যানচান্দৰ নামত সমৰ্পিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। দেশবাসীৰ ইচ্ছাক সন্মান জনাই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ বঁটা নামেৰে নামাকৰণ কৰা হ’ল’। মেজৰ ধ্যান চান্দ আছিল বিশ্ব হকীৰ যাদুকৰ। ধ্যান চান্দৰ নেতৃত্বতে অলিম্পিকৰ সোৱাদ পাইছিল ভাৰতে। অলিম্পিকত ভাৰতে হকীত স্বর্ণ পদক লাভ কৰিছিল ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত। উল্লেখ্য, দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেলৰত্ন বটাঁ’ ১৯৯১-৯২ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। এই বঁটা গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল দবাখেলুৱৈ বিশ্বনাথন আনন্দ। পৰৱৰ্তী সময়ত লিয়েণ্ডাৰ পেজ, শচীন টেণ্ডুলকাৰ, ধনৰাজ পিল্লাই, অভিনৱ বিন্দ্ৰা, অঞ্জু ববি জৰ্জ, মেৰী কম আৰু ৰাণী ৰামপাল আদিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ