চলিত বছৰত মুক্তি লাভ কৰিছিল কিৰণ ৰাও পৰিচালিত চিনেমা ‘লাপাতা লেডিডে’৷ ছবিখন কেৱলমাত্ৰ বক্স অফিচতেই ভাল পাৰফৰমেন্সেই কৰিছে এনে নহয়৷ দৰ্শক আৰু সমালোচকৰ কাষৰ পৰাও প্ৰশংসা অৰ্জন কৰিছে৷ স্পেছিয়েল স্ক্ৰিনিং হিচাপে ছবিখনে ছপ্ৰিম কৰ্টতো দেখুওৱা হৈছিল৷ সামাজিক পটভূমিত তৈয়াৰ কৰা ছবিখন অস্কাৰৰ বাবে মনোনীত হোৱাটোক স্বপ্নপূৰণ বুলি বৰ্ণনা কৰিছে পৰিচালকে৷ সংবাদ সংস্থা পিটিআইয়ে লিখিছে, কিৰণ ৰাওৰ অস্কাৰৰ বাবে নিৰ্বাচিত হোৱা ‘লাপাতা লেডিজ’ ছবিখনত তেওঁ নিজৰ মনৰ কথাকেই তুলি ধৰিছে৷ যদি সঁচাকৈয়ে অস্কাৰৰ বাবে মনোনীত হৈছে বা তেওঁৰ ছবিয়ে অস্কাৰ লাভ কৰে তেন্তে সেয়া তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন পূৰণ হোৱা৷
কিৰণ ৰাও নিশ্চিত যে এয়া এক দুৰ্দান্ত চলচ্চিত্ৰ হিচাপে প্ৰমাণিত হ’ব৷ ২০০১ চনত লাপাতা লেডিজ ভাৰতৰ এখন গাঁৱত বাস কৰা দুগৰাকী ন-বোৱাৰীৰ কাহিনী৷ যিয়ে দুৰ্ঘটনাক্ৰমে ট্ৰেইনত ভ্ৰমণ কৰা সময়ত হেৰাই যায়৷ ছবিখনৰ গল্পই দৰ্শকক ভীষণভাৱে মনক চুই গৈছে৷ আনকি সমালোচকেই ছবিখনক লৈ প্ৰশংসা কৰিছে৷
কেৱল সেয়াই নহয়, ছবিখন ছুপ্ৰিম কৰ্টৰ স্পেচিয়েল স্ক্ৰিনিঙত দেখুওৱা হৈছিল৷ বিচাৰকসকলেও ছবিখনৰ প্ৰশংসা কৰিছিল৷ কিৰণ ৰাওৰ লাপাতা লেডিজ লিংগবৈষ্যম দূৰ কৰি কঠিন বাস্তৱৰ মুখামুখি হোৱাৰো এক অনবদ্য বাৰ্তা দিয়ে৷ এই ছবিত ৰবি কিষাণ, নিতাংশী গোয়েল আৰু গীতা আগৰৱালাৰ দৰে শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনে দেশ-বিদেশত জনপ্ৰিয়তা লাভ কৰিছে আৰু বহু পুৰস্কাৰো লাভ কৰিছে৷ এইবাৰ কিৰণ ৰাওৰ এই ছবিয়ে অস্কাৰ লাভ কৰি কিৰণ ৰাওৰ সপোন পূৰণ কৰিবনে তাৰবাবে অপেক্ষা এতিয়া বহুজনৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ