অসম লাইভ ২৪ঃ ভাৰতবর্ষত ঈদ মানেই যেন ছলমান খানৰ চিনেমা। বিগত বহু বছৰ ধৰি ঈদত ছলমান খানে ৰিলিজ দিছে কেইবাখনো ছুপাৰহিট ছবি। এইবাৰ ঈদতো মুক্তি লাভ কৰিছিল ছলমান খানৰ ছবি ‘ৰাধে ইউৰ ম’ষ্ট ৱাণ্টেড ভাই’। এই ছবিখন সমালোচকে যথেষ্ট সমালোচনা কৰিছিল। কর্মাচিয়েলী ছবিখনে ভাল ফল দেখুৱালেও সমালোচনাৰ বলি হৈছিল ছলমান খান। অনেকে ছবিখনক লৈ মিম বনাইছে, বহুতেই ট্ৰ’ল কৰিছিল ছুপাৰ ষ্টাৰজনক। তাৰ মাজতে আছিল কমল আৰ খান। ‘ৰাধে’ ছবিখনক ক’ৰোনাৰ তৃতীয় লহৰ বুলি অভিহিত কৰিছিল KKR। এতিয়া KKRৰ ওপৰত ৰুষ্ট হৈছে ছলমান। আদালতত মানহানিৰ গোচৰ তৰিছে ছলমানে। এই খবৰ এক টুইটৰ জৰিয়তে KKRএ নিজেই জানিবলৈ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















