কুৱেইটৰ মাংগাফ অঞ্চলৰ “লেবাৰ হাউছিং”ত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ৪৫ জন ভাৰতীয়ৰ মৃতদেহ কঢ়িয়াই কোচিত উপস্থিত হ’ল বায়ুসেনাৰ এখন বিশেষ বিমান। কোচি বিমানবন্দৰত নিহতসকলৰ মৃতদেহ উপস্থিত হোৱাৰ পাছতেই বিশেষ বাহনেৰে মৃতদেহসমূহ নিজা নিজা ঘৰলৈকো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ প্ৰতিটো মৃতদেহৰ বাবে ঠিক কৰা হৈছে এখনকৈ বাহন৷
কুৱেইটত মৃত্যু হোৱা ৪৫ জন ভাৰতীয়ৰ ভিতৰত কেৰালাৰ ২৩জন শ্ৰমিক আছিল৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ১৩ জুনত কুৱেইটৰ চিকিৎসালয় পৰিদৰ্শন কৰি মংগাফত সংঘটিত কৰুণ অগ্নিকাণ্ডত আহত হৈ চিকিৎসাধীন ভাৰতীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে।
মৃত্যুৃ শ্ৰমিকসকল দেশৰ কোন কোন ৰাজ্যৰ?
কুৱেইটত কৰুণ মৃত্যুক সাবটি লোৱা লোকসকলৰ ভিতৰত আছে তামিলনাডুৰ পৰা ৭ জন, অন্ধ্ৰপ্ৰদেশৰ ৩ জন, বিহাৰ, ওড়িশা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাৱ আৰু পশ্চিম বংগৰ ১ জনৰ ওপৰিও ২৩ জন শ্ৰমিক আছিল কেৰালাৰ। ইতিমধ্যে ভাৰত চৰকাৰে মৃত্যু হোৱা শ্ৰমিক পৰিয়ালক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কুৱেইটত মৃত্যু হোৱাৰ বাবে কুৱেইট কৰ্তৃপক্ষইয়ো ক্ষতিগ্ৰস্থ পৰিয়ালক সহায় আগবঢ়াইছে৷ কুৱেইটৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বিশেষ কৰ্তৃপক্ষই ভাৰতৰ দূতাবাসৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিছে৷
UAEৰ প্ৰবাসী ভাৰতীয়ইয়ো দিছে সাহায্য
এজন প্ৰবাসী ভাৰতীয় ব্যৱসায়ী তথা UAE স্থিত লুলু গ্ৰুপত অধ্যক্ষই মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ ভাৰত চৰকাৰ আৰু কেৰালা চৰকাৰেও সাহায্য পুঁজিৰ কথা ঘোষণা কৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকলৰ বাবে ১ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিটো পৰিয়ালক ২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















