মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰসহ মুঠ ৫ জনৰ মৃত্যু হৈছে বুধবাৰে বৰামতিৰ ভয়াৱহ বিমান দুৰ্ঘটনাত৷ পুণেৰ বৰামতি বিমানবন্দৰত অৱতৰণৰ দ্বিতীয় প্ৰচেষ্টাও বিফল হয় বিমানখনৰ৷ ৰানৱেতেই ভাঙি পৰে ফ্লাইটখন৷ ৪ মিনিটৰ ভিতৰতেই সকলো শেষ৷ কিন্তু কি ঘটিছিল বিমানখনৰ সৈতে?
ফ্লাইটৰাইডাৰৰ তথ্য অনুসৰি, বোম্বাৰ্ডিয়াৰ লিয়াৰজেট ৪৫ ৰেজিষ্টাৰ নম্বৰ VT-SSK ই পুৱা ৮ বাজি ১০ মিনিটত মুম্বাই বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল৷ ইয়াৰপাছতেই আৰৱ সাগৰৰ ওপৰৰ পৰা উৰিছিল পুৱা ৮ বাজি ৩০ মিনিটৰ বৰামতিত প্ৰথমবাৰ অৱতৰণৰ চেষ্টা কৰে৷
প্ৰথম চেষ্টা ব্যৰ্থ হয়৷ সম্ভৱত বেয়া দৃশ্যমানতাৰ কাৰণে এনে হৈছিল বুলি জনাইছে বিমানখনৰ অপাৰেটৰ সংস্থা VSR ভেঞ্চাৰ্ছ৷ ১৬ বছৰ পুৰণি এই বিমানখনে ইয়াৰপাছতেই পুৱা ৮ বাজি ৪২ মিনিটত দ্বিতীয়বাৰ অৱতৰণৰ চেষ্টা কৰে৷ কিন্তু পুৱা ৮ বাজি ৪৫ মিনিটত হঠাৎ বিমানখন ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়৷ তাৰপিছতেই সকলো শেষ৷
বাৰামতি বিমানবন্দৰৰ ৰানৱে ১১ ৰ থ্ৰেছহোল্ডত বিমানখনে বিকট শব্দ কৰি জ্বলি উঠে৷ প্ৰত্যক্ষদৰ্শীসকলৰ মতে মাটিত লগাৰ লগে লগেই বিমানখনত এক বিকট শব্দ হয় আৰু বিস্ফোৰণ ঘটে৷ এ এন আইক এক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে বিমানখনে ৰানৱেৰ দিশলৈ আগুৱাইছিল কিন্তু অৱতৰণৰ ঠিক আগতে প্ৰায় ১০০ ফুট দূৰৈত হঠাৎ ভাঙি পৰে৷ অজিত পাৱাৰৰ ওপৰিও বিমানখনত আছিল তেওঁৰ ব্যক্তিগত নিৰাপত্তা কৰ্মী, এগৰাকী সহকাৰী আৰু দুজন ক্ৰুৰ সদস্য৷ ইয়াৰোপৰি আছিল পাইলট ইন কমাণ্ড সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভাৱী পাঠক৷
প্ৰত্যক্ষদৰ্শীয়ে আৰু জনাইছে যে ভাঙি পৰৰাৰ সময়ত ৫টাকৈ বিস্ফোৰণৰ শব্দ পোৱা গৈছিল৷ কিছুক্ষণৰ ভিতৰতে সম্পূৰ্ণ ধ্বংস হৈ যায় বিমানখন৷ লগে লগে জুই৷ ফলত কাকোৱেই জীৱন্তে উদ্ধাৰ কৰিব পৰা সহজ হৈ নাথাকিল৷
আৰু এজন প্ৰত্যক্ষদৰ্শীয়ে কৈছে, ‘বিমানখন ভাঙি পৰা দেখিছিলো৷ ধাৰণা হৈছিল ইয়াত আৰু মানুহ জীয়াই থকাৰ আশা নাই৷ গাওঁৰ পৰা বৰ বিশেষ দূৰ নাছিল এয়াৰপৰ্ট৷ প্ৰথমে ভাৱিছিলো এয়া পাইলটৰ প্ৰশিক্ষণ চলিছে তাৰেই বিমান৷ পাছত জানিব পাৰো যে বিমানখন অজিত পাৱাৰৰ৷’
বাৰামতিৰ এছ পিয়ে জনাইছে যে বাৰামতিৰ বিমানবন্দৰত অৱতৰণৰ সময়ত বিমানখন ভাঙি পৰে৷ বিমানৰ পৰা প্ৰথমে ৩ টা মৃতদেহ উদ্ধাৰ কৰি হাস্পতাললৈ পঠিওৱা হয়৷ প্ৰাথমিকভাৱে কোনো শৱদেহৰেই পৰিচয় বুজিব পৰা অৱস্থাত নাছিল৷
উল্লেখ্য যে অজিত পাৱাৰৰ যি বিমান বাৰামতি গৈছিল সেই লিয়াৰজেট ৪৫ ফ্লাইটখন ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় নন ছিডিউলড চাৰ্টাৰ বিমান পৰিচালনকাৰী সংস্থা VSR ভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেডৰ মালিকানাধীন৷ লিয়াৰজেট ৪৫ এখন উচ্চ কাৰ্যক্ষমতাসম্পন্ন ছুপাৰ লাইট বিজনেছ জেট৷ যি উচ্চগতি, ইন্ধন সাশ্ৰয় আৰু উচ্চতাতো ক্ৰজিং ক্ষমতাৰ বাবে পৰিচিত৷ এই বিমানখন সাধাৰণতে অলপ আৰু কম দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ হয়৷ বিমানখনৰ পাংখাৰ প্ৰস্থ প্ৰায় ৪৭ ফুট আৰু ওজন ৯ হাজাৰ ৭৫২ কিঃগ্ৰাঃ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















