সোমবাৰে ৩ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত বৃষ ৰাশিত গজকেশৰী ৰাজযোগ থাকিব৷ বৃষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত এই শুভ যোগ গঠিত হ’ব৷ জ্যোতিষ গণনা অনুসৰি গজকেশৰী যোগে যেনেকৈ জাতকৰ জীৱনত সম্পদ ভৰাই তোলে তেনেকৈ সকলো কামতে সৌভাগ্য লাভ কৰাতো এই যোগ অত্যন্ত শুভ৷ জানি থওক জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ প্ৰথম সপ্তাহত গজকেশৰী যোগৰ প্ৰভাৱত বিৰোধীসকলক হৰাই দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে? জানি থওক ৩ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত সৌভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
মাৰ্চৰ প্ৰথম সপ্তাহ লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ বিশেষকৈ এই সময়ত আপোনাৰ প্ৰেম জীৱন দুৰ্দান্ত হ’ব৷ পৰীক্ষাত সাফল্য পাব ছাত্ৰ ছাত্ৰীয়ে৷ নতুন সপ্তাহত সাফল্য লাভৰ সম্ভাৱনা আছে৷ অসম্পূৰ্ণ কাম শেষ কৰি আপোনাৰ মন প্ৰফুল্লিত থাকিব৷ ঘৰত সৰু পাৰ্টীৰ আয়োজন হ’ব পাৰে৷
কন্যা ৰাশি
গজকেশৰী যোগৰ প্ৰভাৱত ৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত শুভ আৰু অনুকূল পৰিস্থিতিৰ মাজেৰে সময় কটাব কন্যা ৰাশিৰ জাতকে৷ নতুন সপ্তাহত আপুনি নিজৰ সমস্ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সপ্তাহৰ আৰম্ভণিতেই কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব৷ এই সময়ত ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ’ব৷ নিজৰ শুভাকাংশীসকলক কাষতে পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে মাৰ্চৰ প্ৰথম সপ্তাহ অত্যন্ত শুভ ফলদায়ী হ’ব৷ সপ্তাহৰ আৰম্ভণিৰে পৰা আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ নিজৰ বিৰোধীসকলক সহজে পৰাজিত কৰিব পাৰিব৷ আপুনি সাফল্য পোৱাৰ পৰা কোনোৱে আপোনাক পিছুৱাই দিব নোৱাৰিব৷ চাকৰিয়ালৰ বাবে এই সপ্তাহটো শুভ৷ স্বাস্থ্য ভালে থাকিব৷ পছন্দমতে জীৱনসংগীক কাষত পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে নতুন সপ্তাহত সকলো কামতেই ভাগ্যৰ সমৰ্থন পাব৷ সপ্তাহৰ আৰম্ভণিৰে পৰা আপোনাৰ পাৰিবাৰিক সকলো সমস্যা সমাধান হ’ব৷ এই সপ্তাহত সন্তানৰ সৈতে মনোমালিন্য হ’ব পাৰে৷ জীৱনসংগীৰ স্বাস্থ্যক লৈয়ো উদ্বিগ্ন হ’ব পাৰে৷ সপ্তাহৰ শেষৰ দিশত এই সকলো সমস্যা দূৰ হ’ব৷ নিজৰ কাম আৰু সাংসৰিক জীৱনৰ মাজত বেলেন্স বৰ্তাই ৰাখিব পাৰিব৷
মকৰ ৰাশি
মাৰ্চৰ প্ৰথম সপ্তাহত শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ মনৰ সকলো ভয় দূৰ হ’ব৷ এই সময়ত আপুনি সকলো কামতেই নিজৰ পৰিয়াল আৰু বন্ধুৰ সহায় পাব৷ ব্যৱসায়ীয়ে বৃহৎ আৰ্থিক লাভ কৰিব পাৰিব৷ বজাৰত ৰৈ থকা সকলো টকা এই সপ্তাহত আপুনি পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ