আগন্তুক ১৫ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ সমগ্ৰ বছৰৰ ভিতৰত মহাদেৱৰ আৰাধনাৰ বাবে এই দিনটো সকলোতকৈ শুভ৷ এই বছৰ মহাশিৱৰাত্ৰিত বিশেষ শুভ যোগ গঠিত হব৷ এই সময়ত কুম্ভ ৰাশিত যুঁটি গঠন কৰিব বুধ আৰু শুক্ৰই৷ ইয়াৰ ফলত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিৰ শুভ দিনত এই শুভ যোগ গঠিত হব৷ জানি থওক মহাশিৱৰাত্ৰিৰ শুভ যোগত মহাদেৱৰ আশীৰ্বাদ পাব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
মেষ ৰাশিৰ একাদশ ঘৰত লক্ষ্মী নাৰায়ন ৰাজযোগ গঠিত হব৷ মহাদেৱৰ কৃপাত উপাৰ্জন কৰাৰ সুযোগ পাব৷ প্ৰয়োজনত জীৱনসংগীৰ সহায় পাব৷ ৰৈ থকা ধন উদ্ধাৰ কৰিব পাৰে৷ সামাজিক প্ৰতিপত্তি আৰু পদমৰ্যাদা বাঢ়িব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ দশম ঘৰত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ মহাদেৱৰ কৃপাত কেৰিয়াৰত প্ৰচুৰ উন্নতি কৰিব পৰিব৷ চাকৰি আৰু ব্যৱসায়ত সাফল্য পাব৷ নতুন কামৰ দায়িত্ব পাব পাৰে৷ এই সময়ত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ দশম ঘৰত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ মহাদেৱৰ কৃপাত সকলো কামতেই ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ সুখ আরু সমৃদ্ধিৰ দুৱাৰ খুলিব আপোনাৰ সন্মুখত৷ দূৰ কৰোবালৈ ভ্ৰমণ কৰিব পাৰে৷ উচ্চশিক্ষাত সাফল্য পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















