মাইক্ৰছফট উইণ্ডজত প্ৰযুক্তিগত সমস্যাই দেখা দিছিল সমগ্ৰ বিশ্বত৷ নীলা হৈ পৰিছিল কম্পিউটাৰ-লেপটপৰ স্ক্ৰীণ৷ ৰিষ্টাৰ্ট কৰিও চলা নাছিল কম্পিউটাৰ লেপটপসমূহ৷ ইয়াৰ ফলত বেংকিঙৰ পৰা আৰম্ভ কৰি বিমান পৰিসেৱা সকলোবোৰেই ব্যাহত হৈ পৰিছিল৷ মাইক্ৰছফটৰ প্ৰযুক্তিগত ত্ৰুটিৰ ধাক্কা সকলোতকৈ বেছি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ওপৰত পৰিছে৷ ভাৰততো ইয়াৰ প্ৰভাৱ নপৰা নহয়৷
কিন্তু কেনেকৈ হঠাৎ ক্ৰেছ হৈছিল এই বহুজাতিক তথ্য প্ৰযুক্তি সংস্থাৰ চিষ্টেম সেই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা৷ নেপথ্যত কোনো বৃহৎ ষড়যন্ত্ৰ আছে নেকি সেই বিষয়টোও চৰ্চালৈ আহিছে৷ ঘটনাৰ কিছুসময়ৰ পাছতেই বিশেষ বিবৃতি প্ৰকাশ কৰে মাইক্ৰছফ্টে৷ সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ক্ৰউডষ্ট্ৰাইক আপডেট হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল৷ এতিয়া প্ৰশ্ন হয়, এই ক্ৰাইডষ্ট্ৰাইক কি? এয়া প্ৰকৃতপক্ষে এটা ছাইবাৰ ছিকিউৰিটি প্লেটফৰ্ম৷ যি মাইক্ৰছফ্ট ব্যৱহাৰকাৰীক সুৰক্ষা দি থাকে৷ এই প্লেটফৰ্মটোত আছে চিংগল চেঞ্চৰ আৰু ইউনিফায়েড থ্ৰেড ইণ্টাৰফেছ৷
ইউনিফা়য়েড থ্ৰেড ইণ্টাৰফেচৰ মাধ্যমেৰে নানান ধৰণৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি আইডেনটিটি থ্ৰেট ৰখোৱাৰ কাম কৰে ক্ৰাউডট্ৰাইকে৷ সহজ কথাত ক’বলৈ গ’লে ছাইবাৰ এটাক হ’লে চিষ্টেম যাতে হেক নহয় তাৰ নিৰাপত্তা প্ৰদান কৰে এই ছিকিউৰিটি প্লেটফৰ্মে৷ যাৰ বাবে মাইক্ৰছফ্ট উইণ্ডোজৰ গ্ৰাহকৰ সংখ্যাও যথেষ্ট বেছি৷ আন্তৰ্জাতিক সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে ক্ৰাউডষ্ট্ৰাইকৰ ফেলকন চেঞ্চৰত খেলিমেলিয়ে দেখা দিছিল যাৰ ফলত মাইক্ৰছফ্টৰ উইণ্ডোজত৷
সমস্যাৰ কথা স্বীকাৰ কৰিছে ক্ৰাউডষ্ট্ৰাইক কৰ্তৃপক্ষই৷ পৰিসেৱা স্বাভাৱিক কৰিবলৈ যুদ্ধকালীনভাৱে কাম কৰিছিল টীমে৷ শুকুৰবাৰে পুৱা মাইক্ৰছফ্ট উইণ্ডোজে কাম কৰা বন্ধ কৰাৰ লগে লগেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল একাধিক পোষ্ট৷ কম্পিউটাৰ-লেপটপ খুলিলেই স্ক্ৰিনৰ ওপৰত ফুটি উঠিছিল একাধিক লেখা৷ ইয়োৰ ডিভাইছ ৰান ইনটু এ প্ৰৱলেম এণ্ড নিডছ টু ৰিষ্টাৰ্ট৷ উই আৰ জাষ্ট কালেক্টিং ছাম এৰৰ ইনফো, এণ্ড দেন ইউ উইল ৰিষ্টাৰ্ট ইট ফৰ ইউ৷’
প্ৰযুক্তিবিদসকলৰ কথাত ইয়াৰ নাম ‘ব্লু স্ক্ৰিণ অফ ডেথ৷’ ইয়াত বাৰে বাৰে ৰিষ্টাৰ্ট হৈ থাকে চিষ্টেমটো৷ ফলত এটা সময়ত ক্ৰেছ হৈ যাব পাৰে৷ ইয়াৰ সৈতে উৰিও যাব পাৰে যাৱতীয় আনছেভ ডেটা৷ শুকুৰবাৰে মাইক্ৰছফ্টৰ চিষ্টেমৰ এই সমস্যাই সকলোতকৈ বেছি প্ৰভাৱ পেলাইছিল উৰণ সেৱাত৷ বাতিল হৈ পৰিছিল এখনৰ পাছত আনখন বিমান৷ কেৱল সেয়াই নহয় বহু স্থানতেই বাধ্য হৈ হাতেৰে বোৰ্ডিং পাছৰ বিলিং কৰাও দেখা গৈছে সামাজিক মাধ্যমৰ পোষ্টত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ