জাহিৰ খানৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে মহম্মদ চিৰাজে
বলিঙৰ ক্ষেত্ৰত জাহিৰ খানৰ অভিলেখ ভংগ কৰিলে মহমম্দ চিৰাজে। বাংগালুৰুৰ বিৰুদ্ধে খেলা মেচখনত মহম্মদ ছিৰাজে নিজৰ সুন্দৰ বলিঙৰ জৰিয়তে ই অভিলেখৰ গৰাকী হয়। আৰ চি বিৰ টপ অৰ্ডাৰ বেটছমেনসকলক চিৰাজে ক্ৰিজত অধিক সময় টিকি থাকিবলৈ নিদিয়ে।
উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপো লাভ কৰে। লগতে ভাৰতীয় প্ৰাক্তন দুধৰ্ষ বলাৰ জাহিৰ খানৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰে চিৰাজে। বেংগালুৰু খেলপথাৰত সৰ্বাধিক উইকেট লোৱা বেগী বলাৰ হিচাপে পৰিগণিত হৈছে চিৰাজ।
আই পি এল কেৰিয়াৰত এই খেলপথাৰত ২৫ ইনিংছত ২৮টা উইকেট দখল কৰা জাহিৰ খানক চেৰ পেলাই আগবাঢ়িল মহম্মদ চিৰাজ। চিৰাজে এতিয়া ২২টা ইনিংছত ২৯টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে।
চিৰাজ আৰু জাহিৰৰ পিছত তৃতীয় স্থানত আছে বিনয় কুমাৰ, যিয়ে ২৪ ইনিংছত ২৭টা উইকেট দখল কৰিছে। ১৯ ইনিংছত ২৫টা উইকেটৰে চতুৰ্থ স্থানত আছে এছ শ্ৰীনাথ অৰবিন্দ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ