২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা
বলিউড আৰু টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সৌন্দৰ্যৰ মৃত্যু সন্দৰ্ভত ২২ বছৰৰ মূৰত প্ৰকাশ পাইছে এক নতুন তথ্য। দুৰ্ঘটনাক আকস্মিক মৃত্যু নাছিল হত্যা কৰা হৈছিল সৌন্দৰ্যক।
অমিতাভ বচ্চনৰ সৈতে ‘সূৰ্যবংশম’ কৰি জনপ্ৰিয় হোৱা মাথো কেইখনমান ছবি কৰিয়ে এক বিমান দুৰ্ঘটনাত আকস্মিক মৃত্যু হোৱা সৌন্দৰ্যৰ মৃত্যুক এতিয়ালৈকে বিমান দুৰ্ঘটনা বুলিয়ে ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ এটা চাঞ্চল্যকৰ দাবী উত্থাপন হৈছে।
এক গোচৰত এজন ব্যক্তিয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি সৌন্দৰ্যৰ মৃত্যু এক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে। লগতে এই সকলো অভিযোগৰ মূলতে নাম প্ৰকাশ পাইছে এগৰাকী অভিনেতাৰ।
খম্মাম জিলাৰ চিত্তিমল্লু নামৰ এজন লোকে অভিনেতা মোহন বাবুৰ বিৰুদ্ধে সৌন্দৰ্যক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এচিপি আৰু জিলা প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰিছে। লগতে অভিযোগকাৰীয়ে, মোহন বাবুৱে দখল কৰা সৌন্দৰ্যৰ মাটিখিনি মুকলি কৰি অনাথ আশ্ৰম বা সামৰিক সেৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
অভিযোগ অনুসৰি হায়দৰাবাদৰ জলপালী অঞ্চলত সৌন্দৰিয়াই ৬ একৰ (প্ৰায় ১০ বিঘা) মাটি ক্ৰয় কৰিছিল। এই মাটিক লৈ সৌন্দৰ্য আৰু মোহন বাবুৰ মাজত বিবাদ চলি আছিল। কোৱা হৈছে যে মোহন বাবুৱে এই মাটি বিক্ৰী কৰিব বিচাৰিছিল, কিন্তু সৌন্দৰ্য আৰু তেওঁৰ ভায়েক অমৰনাথে ইয়াৰ বিৰোধিতা কৰিছিল। এই সন্দৰ্ভত দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছিল।
২০০৪ চনৰ ১৭ এপ্ৰিলত সৌন্দৰ্যই ভাৰতীয় জনতা পাৰ্টি আৰু তেলেগু দেশম পাৰ্টিৰ প্ৰচাৰৰ বাবে কৰিমনগৰলৈ গৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সৌন্দৰ্যৰ ব্যক্তিগত বিমানখন উৰণৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয়।
সেই সময়ত কোৱা হৈছিল যে এইটো এটা দুৰ্ঘটনা, কিন্তু এতিয়া ইয়াক হত্যা বুলি অভিহিত কৰা হৈছে। খবৰ অনুসৰি সেই সময়ত সৌন্দৰ্য গৰ্ভৱতী আছিল আৰু আনকি তেওঁৰ মৃতদেহো পৰিয়ালৰ হাতত গতাই দিয়া হোৱা নাছিল।
খবৰ অনুসৰি জালাপল্লীত অৱস্থিত বিবাদিত ৬ একৰ ভূমি সৌন্দৰ্যৰ মৃত্যুৰ কিছু সময়ৰ পাছতেই মোহন বাবুৱে নিজৰ দখললৈ নিছিল। এতিয়া এই বিষয়টো পুনৰ উত্থাপন হোৱাত আৰক্ষীৰ ওপৰত ন্যায্য তদন্তৰ হেঁচাও বাঢ়িছে।
কিন্তু এই সমগ্ৰ বিষয়টোত এতিয়াও কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা হোৱা নাই। সকলো কেৱল অভিযোগৰ ভিত্তিত, যাৰ বাবে একাংশই ইয়াক কেৱল প্ৰচাৰৰ ষ্টাণ্ট বুলি অভিহিত কৰিছে। একে সময়তে মোহন বাবুৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক বক্তব্য অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ