তেওঁ গুচি যোৱাৰ পাছত আকৌ প্ৰকাশ পাইছে উত্তৰাধিকাৰীৰ নাম৷ ৰতন টাটাৰ ৫০০ কোটিৰ সম্পদ পাইছে কেৱল এজন ব্যক্তিয়েই৷ সম্প্ৰতি দ্যা ইকনমিক টাইমছত প্ৰকাশিত হৈছে এই খবৰ৷ ৰতন টাটাই তেওঁৰ অৱশিষ্ট সম্পদৰ প্ৰায় এক তৃতীয়াংশ এজন ব্যক্তিৰ নামতেই থৈ গৈছে৷ ৰিপৰ্টত কোৱা হৈছে যে এই বিশেষ ব্যক্তিৰ নাম মোহিনী মোহন দত্ত৷ যাৰ নামত ৫০০ কোটি টকাৰ সম্পদ দিছে প্ৰয়াত ৰতন টাটই৷
উইলত টাটাৰ অন্যতম উত্তৰাধিকাৰী হিচাপে উল্লেখ কৰা হ’লেও এতিয়াই এই সম্পদ তেওঁ লাভ নকৰিব৷ প্ৰোবেট কৰাৰ পাছতহে বিতৰণ কৰা হ’ব ৰতন টাটাৰ সম্পদ৷ সেই ক্ষেত্ৰত হাইকৰ্টৰ অনুমোদন বা ছিলমোহৰ লাগিব৷ এই প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ সময় লাগিব কমেও ছমাহ৷
কোন এই মোহিনী মোহন দত্ত?
মোহিনী মোহন দত্ত জামছেদপুৰৰ এজন উদ্যোগপতি৷ ষ্টেলিয়নৰ সহমালিকানা আছে তেওঁৰ হাতত৷ এই ষ্টাইলিয়নেই পৰবৰ্তীকালত টাটা পৰিসেৱাৰ এটা অংশ হৈ উঠিছিল৷ কোম্পানীটো টাটাৰ সৈতে যুক্ত হোৱাৰ পূৰ্বে মোহিনী মোহন দত্তৰ ষ্টাইলিয়নত ৮০শতাংশ অংশীদাৰিত্ব আছিল৷ ইয়াতেই বাকী ২০শতাংশ মালিকানা আছিল টাটা ইণ্ডাষ্ট্ৰিজৰ হাতত৷
ৰতন টাটাৰ সৈতে কেনেকৈ চিনাকী হৈছিল মোহিনী মোহন দত্ত
প্ৰয়াত ৰতন টাটাৰ শেষকৃত্যত মোহিনী মোহন দত্তই কৈছিল, জামছেদপুৰত ডিলাৰ্ছ হোষ্টেলত ৰতন টাটাৰ সৈতে প্রথম চিনাকি হৈছিল মোহিনী দত্ত৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ৷ পৰবৰ্তীকালত সেই সম্পৰ্কই প্ৰায় ৬দশক অতিক্ৰম কৰে৷ ২০২৪ চনৰ ডিচেম্বৰত মুম্বাইত NCPAত অনুষ্ঠিত ৰতন টাটাৰ জন্মদিনলৈকো তেওঁ আমন্ত্ৰণ লাভ কৰিছিল৷
এই অনুষ্ঠানত কেৱল ৰতন টাটাৰ ঘনিষ্ঠ সহযোগী আৰু পৰিয়ালৰ সদস্যহে উপস্থিত আছিল৷ ইয়াৰ পূৰ্বে ৰতন টাটাৰ সৈতে তেওঁৰ পৰিচয়ৰ কথা সংবাদমাধ্যমৰ যোগেৰে জনাইছিল মোহিনীবাবুৱে৷ তেওঁ কৈছিল, ‘তেওঁ মোক বহুধৰণে সহায় কৰিছিল৷ সঁচায়ে তেওঁ মোক অন্য এক জীৱন দি গৈছে৷’ মোহিনীবাবুৰ কন্যাই প্ৰথমে তাজ হোটেলত ২০১৫ চন পৰ্যন্ত আৰু টাটা ট্ৰাষ্টত ২০২৪ চন পৰ্যন্ত নিযুক্ত আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















