অসম লাইভ২৪ঃ ভাৰত বাদেই তেওঁৰ সমগ্ৰ এছিয়াৰ অন্যতম ধনী ব্য়ক্তি। মুকেশ আম্বানীৰ নাই কি? হাতীশালত হাতী, ঘোঁৰাশালত ঘোঁৰা, গেৰেজত বিলাসী গাড়ী ইত্যাদি ইত্যাদি। এয়া স্বাভাৱিকো। নিজা হাতী থাকিলেও হাতী লৈ ৰাস্তাত ঘূৰি ফুৰা যুগ এতিয়া নাই। সেয়ে আম্বানীৰ কালেকছনত আছে বিভিন্ন দেশৰ বিভিন্ন দামী বাহন।
শেহতীয়াকৈ আৰু এখন বিলাসী বাহন ক্ৰয় কৰিছে মুকেশ আম্বানীয়ে। ফোৰ্বছ আলোচনী ২০২৪ৰ প্ৰকাশিত প্ৰতিবেদনত মুকেশ আম্বানী এছিয়াৰ প্ৰথমজন ব্য়ক্তি যিয়ে ১০ হাজাৰ কোটি ডলাৰ ক্লাৱৰ সদস্য হৈছে। তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ১১ হাজাৰ ৬০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ ৯৬ লাখ কোটি।
পৃথিৱীৰ ধনীৰ তালিকাত মুকেশ আম্বানীৰ নাম আছে ৯নম্বৰত। আম্বানী পৰিয়ালৰ জীৱনযাপন বেছ বিলাসবহুল। ঘৰ, গাড়ী, সকলো বিলাসী। তাৰমাজতেই এক সূত্ৰই প্ৰকাশ কৰামতে আম্বানীৰ আছে এটাই বিশেষ চখ। সেই চখ হৈছে দামী দামী বিলাসী বাহন নিজা কালেকছনত ৰখাৰ চখ। মুকেশ আম্বানীৰ বাসভৱন এণ্টেলিয়াত আছে জিৰ’ গেৰেজ। সেই জিৰ’ গেৰেজত আছে দেশ বিদেশৰ ১৭০খন বিলাসী বাহন। এইবাৰ বাহনৰ সংখ্যা আৰু এখন বাঢ়িল।
সম্প্ৰতি আৰু এখন বাহন ক্ৰয় কৰিছে মুকেশৰ পত্নী নীতা আম্বানীয়ে। ৰোলছ ৰয়েলছ ফেণ্টম এট ইডব্লিউবি চেডাৰ্ন বাহন আম্বানীৰ গেৰেজৰ নতুন সদস্য। বাহনখনক লৈ সামাজিকমাধ্যম ব্য়ৱহাৰকাৰীৰ মাজত আগ্ৰহো বাঢ়িছে। নীতাৰ নতুন বাহনৰ ৰং কি, কি কি সুবিধা আছে বাহনত?
নীতাই শেহতীয়াভাৱে ক্ৰয় কৰা বাহনখনৰ দাম ১২ কোটি। কিন্তু নীতাৰ বাবে সেই বাহনৰ নক্সাৰ সলনি কৰা হৈছে। ৰঙো সলোৱা হৈছে। এই সালসলনিৰ বাবেই এই বাহনৰ দাম ১২ কোটিতকৈ অধিক হোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। ৰোলছ ৰয়েলছত আছে টাৰ্বো ইঞ্জিন। ইয়াৰোপৰি আছে স্বয়ংক্ৰিয় গেয়াৰবক্স। বাহনখন দেখিলে মখমলেৰে মেৰিয়াই থোৱা যেন লাগে। বাহনৰ আসনত লিখা আছে নীতা আৰু মুকেশ আম্বানীৰ নামৰ অদ্যাক্ষৰ এম এম এ। অৰ্থাৎ এই ৰোলছ ৰয়েলছ আম্বানীৰ বাবে পৃথককৈ তৈয়াৰ কৰা হৈছে। আম্বানীৰ হাতত আছে ফেৰাৰী, বেণ্টলি, লেম্বৰগিনি, মাৰ্ছিডিছ এএমজি৬৩ এছ।
এণ্টেলিয়াত গেৰেজ আছে ৬নম্বৰ তলাত। তাতেই এই বাহনসমূহ সংৰক্ষিত হৈ আছে। এই ৬নম্বৰ ফ্লৰত মোতায়েন কৰি ৰখা হৈছে শতাধিক নিৰাপত্তাৰক্ষী।
পৃথিৱীৰ এনে কেইখনমান বাহন আছে যি বাহন কেৱল কেইজনমান বিশেষ ব্যক্তিৰ হাতত আছে। ইয়াৰ ভিতৰত হৈছে মাৰ্ছিডিছ মেবাক বেঞ্জ এছ ৬৬০। আৰ্মৰ্ড বিএম ডব্লিও ৭৬০ এল আই। এই বাহনে ৰাইফেল, স্নাইপাৰৰ আক্ৰমণো অনায়াসে ৰোধ কৰিব পাৰে। এই বাহনৰ ওপৰত গ্ৰেনেড পেলালেও একো নহয়। এণ্টেলিয়াত আছে ৰোলছ ৰয়েলছ ফেণ্টম ড্ৰপহেড কুপ গাড়ী। এই গাড়ী পৃথিৱীত বৰ্তমান পৰ্যন্ত ১৮খনহে তৈয়াৰ হৈছে। বেছিভাগেই তৈয়াৰ হৈছে ৰাজপৰিয়ালৰ সদস্য আৰু ৰাষ্ট্ৰপ্ৰধানৰ বাবে। এই বাহনৰ এখনৰ দামেই চাৰে সাত কোটিতকৈ অধিক।
আম্বানীৰ গেৰেজত আছে দুখন আসনৰ ফেৰাৰী এছএফ৯০ ষ্ট্ৰেডেল, বেণ্টলি বেণ্টায়গা, এষ্টন মাৰ্টিন ৰেপিড’। এষ্টন মাৰ্টিন ৰেপিডও পৃথিৱীত খুব বেছি এতিয়ালৈকে তৈয়াৰ কৰা হোৱা নাই। এই বাহনক বিৰল বুলিও জনা যায়। কেইবামাহ পূৰ্বে নীতা আম্বানীক এখন ক’লা ৰঙৰ ৰোলছ ৰয়েলছ উপহাৰ দিছিল মুকেশ আম্বানীয়ে। এইবাৰ আকৌ এখন বিলাসী গাড়ী আম্বানীয়ে উপহাৰ দিছে পত্নীক। কেৱল নীতাৰ বাবেই বিলাসী বাহনৰ সেই কোম্পানীয়ে গোলপীয়া বাহনখন নিৰ্মাণ কৰি উলিয়াইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ