• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

2 years ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

33 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

1 hour ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন

editor by editor
April 11, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
আম্বানীৰ গেৰেজত আছে দেশ বিদেশৰ ১৭০ খন বিলাসী বাহন, এইবাৰ আহিল ১২ কোটিৰ অভিনৱ বাহন
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত বাদেই তেওঁৰ সমগ্ৰ এছিয়াৰ অন্যতম ধনী ব্য়ক্তি। মুকেশ আম্বানীৰ নাই কি? হাতীশালত হাতী, ঘোঁৰাশালত ঘোঁৰা, গেৰেজত বিলাসী গাড়ী ইত্যাদি ইত্যাদি। এয়া স্বাভাৱিকো। নিজা হাতী থাকিলেও হাতী লৈ ৰাস্তাত ঘূৰি ফুৰা যুগ এতিয়া নাই। সেয়ে আম্বানীৰ কালেকছনত আছে বিভিন্ন দেশৰ বিভিন্ন দামী বাহন।

শেহতীয়াকৈ আৰু এখন বিলাসী বাহন ক্ৰয় কৰিছে মুকেশ আম্বানীয়ে। ফোৰ্বছ আলোচনী ২০২৪ৰ প্ৰকাশিত প্ৰতিবেদনত মুকেশ আম্বানী এছিয়াৰ প্ৰথমজন ব্য়ক্তি যিয়ে ১০ হাজাৰ কোটি ডলাৰ ক্লাৱৰ সদস্য হৈছে। তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ১১ হাজাৰ ৬০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ ৯৬ লাখ কোটি।

পৃথিৱীৰ ধনীৰ তালিকাত মুকেশ আম্বানীৰ নাম আছে ৯নম্বৰত। আম্বানী পৰিয়ালৰ জীৱনযাপন বেছ বিলাসবহুল। ঘৰ, গাড়ী, সকলো বিলাসী। তাৰমাজতেই এক সূত্ৰই প্ৰকাশ কৰামতে আম্বানীৰ আছে এটাই বিশেষ চখ। সেই চখ হৈছে দামী দামী বিলাসী বাহন নিজা কালেকছনত ৰখাৰ চখ। মুকেশ আম্বানীৰ বাসভৱন এণ্টেলিয়াত আছে জিৰ’ গেৰেজ। সেই জিৰ’ গেৰেজত আছে দেশ বিদেশৰ ১৭০খন বিলাসী বাহন। এইবাৰ বাহনৰ সংখ্যা আৰু এখন বাঢ়িল।

সম্প্ৰতি আৰু এখন বাহন ক্ৰয় কৰিছে মুকেশৰ পত্নী নীতা আম্বানীয়ে। ৰোলছ ৰয়েলছ ফেণ্টম এট ইডব্লিউবি চেডাৰ্ন বাহন আম্বানীৰ গেৰেজৰ নতুন সদস্য। বাহনখনক লৈ সামাজিকমাধ্যম ব্য়ৱহাৰকাৰীৰ মাজত আগ্ৰহো বাঢ়িছে। নীতাৰ নতুন বাহনৰ ৰং কি, কি কি সুবিধা আছে বাহনত?

নীতাই শেহতীয়াভাৱে ক্ৰয় কৰা বাহনখনৰ দাম  ১২ কোটি। কিন্তু নীতাৰ বাবে সেই বাহনৰ নক্সাৰ সলনি কৰা হৈছে। ৰঙো সলোৱা হৈছে। এই সালসলনিৰ বাবেই এই বাহনৰ দাম ১২ কোটিতকৈ অধিক হোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। ৰোলছ ৰয়েলছত আছে টাৰ্বো ইঞ্জিন। ইয়াৰোপৰি আছে স্বয়ংক্ৰিয় গেয়াৰবক্স। বাহনখন দেখিলে মখমলেৰে মেৰিয়াই থোৱা যেন লাগে। বাহনৰ আসনত লিখা আছে নীতা আৰু মুকেশ আম্বানীৰ নামৰ অদ্যাক্ষৰ এম এম এ।  অৰ্থাৎ এই ৰোলছ ৰয়েলছ আম্বানীৰ বাবে পৃথককৈ তৈয়াৰ কৰা হৈছে। আম্বানীৰ হাতত আছে ফেৰাৰী, বেণ্টলি, লেম্বৰগিনি, মাৰ্ছিডিছ এএমজি৬৩ এছ।

এণ্টেলিয়াত গেৰেজ আছে ৬নম্বৰ তলাত। তাতেই এই বাহনসমূহ সংৰক্ষিত হৈ আছে। এই ৬নম্বৰ ফ্লৰত মোতায়েন কৰি ৰখা হৈছে শতাধিক নিৰাপত্তাৰক্ষী।

পৃথিৱীৰ এনে কেইখনমান বাহন আছে যি বাহন কেৱল কেইজনমান বিশেষ ব্যক্তিৰ হাতত আছে। ইয়াৰ ভিতৰত হৈছে মাৰ্ছিডিছ মেবাক বেঞ্জ এছ ৬৬০। আৰ্মৰ্ড বিএম ডব্লিও ৭৬০ এল আই। এই বাহনে ৰাইফেল, স্নাইপাৰৰ আক্ৰমণো অনায়াসে ৰোধ কৰিব পাৰে। এই বাহনৰ ওপৰত গ্ৰেনেড পেলালেও একো নহয়। এণ্টেলিয়াত আছে ৰোলছ ৰয়েলছ ফেণ্টম ড্ৰপহেড কুপ গাড়ী। এই গাড়ী পৃথিৱীত বৰ্তমান পৰ্যন্ত ১৮খনহে তৈয়াৰ হৈছে। বেছিভাগেই তৈয়াৰ হৈছে ৰাজপৰিয়ালৰ সদস্য আৰু ৰাষ্ট্ৰপ্ৰধানৰ বাবে। এই বাহনৰ এখনৰ দামেই  চাৰে সাত কোটিতকৈ অধিক।

আম্বানীৰ গেৰেজত আছে দুখন আসনৰ ফেৰাৰী এছএফ৯০ ষ্ট্ৰেডেল, বেণ্টলি বেণ্টায়গা, এষ্টন মাৰ্টিন ৰেপিড’। এষ্টন মাৰ্টিন ৰেপিডও পৃথিৱীত খুব বেছি এতিয়ালৈকে তৈয়াৰ কৰা হোৱা নাই। এই বাহনক বিৰল বুলিও জনা যায়। কেইবামাহ পূৰ্বে নীতা আম্বানীক এখন ক’লা ৰঙৰ ৰোলছ ৰয়েলছ উপহাৰ দিছিল মুকেশ আম্বানীয়ে। এইবাৰ আকৌ এখন বিলাসী গাড়ী আম্বানীয়ে উপহাৰ দিছে পত্নীক। কেৱল নীতাৰ বাবেই বিলাসী বাহনৰ সেই কোম্পানীয়ে গোলপীয়া বাহনখন নিৰ্মাণ কৰি উলিয়াইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
Next Post
ধৰ্মান্তৰণ কৰিলে অনুমতি ল’ব লাগিব ৰাজ্য চৰকাৰৰ অন্যথা ১০ বছৰ পৰ্যন্ত জে’ল! কোনে লৈছে এই সিদ্ধান্ত?

ধৰ্মান্তৰণ কৰিলে অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰৰ অন্যথা ১০ বছৰ পৰ্যন্ত জে'ল! কোনে লৈছে এই সিদ্ধান্ত?

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.