ভয়ংকৰ ! বিদ্যালয়ত বোমা বিস্ফোৰণ, ২২ শিক্ষাৰ্থী নিহত, ২০ ৰো অধিক আহত
ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ এখন বিদ্যালয়ত সামৰিক জন্টাই বোমা বিস্ফোৰণ সংঘটিত কৰে। এই বোমা বিস্ফোৰণত ২২ গৰাকীকৈ শিক্ষাৰ্থী নিহত হোৱাৰ বিপৰীতে ২০ ৰো অধিক আহত হয়।
ম্যানমাৰৰ উৎখাতিত ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ দ্বাৰা পৰিচালিত ছাগাইং অঞ্চলৰ দেপাইন চহৰত অৱস্থিত এই বিদ্যালয়খন। এই আক্ৰমণৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে সামৰিক জন্টাই।
উল্লেখ্য যে, ম্যানমাৰত দীৰ্ঘদিন ধৰি চলি থকা গৃহযুদ্ধৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক স্থানচ্যুত হৈছে।
ম্যানমাৰৰ উৎখাত চৰকাৰে সোমবাৰে এই আক্ৰমণ সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। সেই সময়ত বিদ্যালয়খনত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। এতিয়ালৈকে ২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে।
শেহতীয়াকৈ সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি স্থাপন হোৱাৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছিল। ছাঁয়া ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়খন ম্যানমাৰৰ ছাগাইং অঞ্চলৰ দেপাইন চহৰত, মাণ্ডেলেৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ (১০০ মাইল) উত্তৰত আৰু ২৮ মাৰ্চৰ ভূমিকম্পৰ কেন্দ্ৰৰ পৰা সামান্য দূৰৈত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















