মন্দিৰৰ প্ৰসাদত পঁইতাচোৰা উদ্ধাৰক লৈ হাহাকাৰ
মন্দিৰৰ প্ৰসাদত পঁইতাচোৰা উদ্ধাৰক লৈ সামাজিক মাধ্যমত তোলপাৰ। কাৰণ সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰিছে এনে এটা ভিডিঅ’ যি ভিডিঅ’ত দেখা হৈছে মন্দিৰৰ প্ৰসাদত অখাদ্য।
আজিৰ দিনত প্ৰায়ে এনে বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে, য’ত ৰেষ্টুৰেণ্ট আৰু হোটেল আদিৰ খাদ্যত পোক-পৰুৱা আদি পোৱা যায়। এইবাৰ তেনেই এটা ভিডিঅ’ পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এইবাৰ মন্দিৰৰ প্ৰসাদৰ লাডুৰ ভিতৰত পোৱা গৈছে পঁইতাচোৰা। ভাইৰেল ভিডিঅ’টোত দাবী কৰা হৈছে যে এই লাড্ডু অন্ধ্ৰপ্ৰদেশৰ শ্ৰীশৈলাম দেৱস্থানম মন্দিৰত পোৱা লাড্ডু প্ৰসাদ। যাৰ পাছৰে পৰা এতিয়ালৈ সমগ্ৰ ৰাজ্যখনতে মন্দিৰ প্ৰসাদক লৈ হুলস্থুলৰ সৃষ্টি হৈছে।
এই ভিডিঅ’টো দেওবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল সৰচন্দ্ৰ নামৰ এজন ব্যক্তিয়ে। ভিডিঅ’টোত লাডুৰ ভিতৰত এটা মৃত পঁইতাচোৰা দেখা গৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এই লাড়ু শ্ৰীশৈলাম দেৱস্থানম মন্দিৰৰ পৰা এজন ভক্তই লাভ কৰা প্ৰসাদ।
সৰচন্দ্ৰই এই পোষ্টটোত লগতে ইয়াকো কয় যে তেওঁ লাড়ুত পঁইতাচোৰা পোৱাৰ পাছতে লগে লগে মন্দিৰৰ কাৰ্যবাহী বিষয়াক এই বিষয়ে অভিযোগ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















