অসম লাইভ ২৪ঃ ভুৱা লেনদেনৰ অভিযোগত আজি EDৰ প্ৰশ্নবাণৰ সন্মুখীন হ’ব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ৷ ২০০ কোটি টকাৰ মানি ল’ণ্ডাৰিঙৰ গোচৰত অভিযুক্ত অভিনেত্ৰীগৰাকী৷ একেটা গোচৰত অভিযুক্ত মাষ্টাৰমাইণ্ড সুকেশ চন্দ্ৰশেকৰ৷ আজি দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সন্মুখীন হ’ব জেকলিন ফাৰ্ণাণ্ডেজ৷ দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ শাখাই ৰুজু কৰা গোচৰৰ ভিত্তিত অব্যাহত আছে তদন্ত৷ চলিত বৰ্ষৰ ২৪ আগষ্টত সুকেশ চন্দ্ৰশেকৰৰ চেন্নাইৰ বাংল’ চীল কৰাৰ লগতে ৮২.৫ লাখ টকাৰ নগদ ধন আৰু ১২ খনকৈ অধিক অত্যাধুনিক বাহন জব্দ কৰে তদন্তকাৰী সংস্থাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ