বিশ্বৰ এখন চৰ্চিত ৰাষ্ট্ৰ উত্তৰ কোৰিয়াত পুৰুষতন্ত্ৰ এতিয়াও বহু দ’কৈ শিঁপাই আছে৷ উত্তৰ কোৰিয়াত সকলো সময়তে ৰাজনৈতিক ক্ষমতা পুৰুষৰ হাততেই আছে৷ সেই উত্তৰ কোৰিয়াত এইবাৰ ক্ষমতা নাৰীৰ হাতলৈ যাব৷ এই জল্পনা ইতিমধ্যেই আৰম্ভ হৈছে৷ তেওঁ কোনো সাধাৰণ মহিলা নহয় তেওঁ হৈছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ কন্যা৷ তেওঁৱেই পৰবৰ্তী উত্তৰসূৰি বুলিও বহু সূত্ৰই প্ৰকাশ কৰিছে৷
কিম জং উনে তেওঁৰ কন্যা কিম জু এইক তেওঁৰ উত্তৰসূৰি হিচাপে মনোনীত কৰাৰ পৰিকল্পনা কৰিছে৷ সেয়া সঁচা হলে একচেটিয়া কমিউনিষ্ট ৰাষ্ট্ৰৰ নেতৃত্ব দিব কিম কন্যাই৷ উত্তৰ কোৰিয়া বিশ্বৰ সকলোতকৈ চৰ্চিত এখন ৰাষ্ট্ৰৰ ভিতৰত এখন৷ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থা তাত এতিয়াও চলি আছে৷ তাত সকলো ৰাজনৈতিক ক্ষমতা পুৰুষৰ হাততেই পুঞ্জিভূত৷ কৰ্মক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ সত্ত্বেও প্ৰায়েই অন্যান্য ভূমিকাত তেওঁলোক বৈষম্যৰ বলি হৈ আহিছে৷ কিম জুৱে যদি দায়িত্ব গ্ৰহণ কৰে তেন্তে উত্তৰ কোৰিয়াত দশক দশক ধৰি চলি অহা এই পুৰুষতান্ত্ৰিকতাৰ পৰা নাৰী মুক্ত হ’ব পাৰে বুলিও বহুতে ধাৰণা কৰিছে৷
এই মাহৰ আৰম্ভণিতেই কিম জুয়ে তেওঁৰ পিতৃ আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে দ্যা ছান ট্ৰেইনত চীন ভ্ৰমণ কৰি গৈছে৷ তেওঁৰ এই ভ্ৰমণক লৈ বহুতেই আচৰিতো হৈছে৷ বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ এক সংবাদ সংস্থাই নিশ্চিত কৰিছে যে কিম জুয়ে উত্তৰ কোৰিয়াৰ পৰবৰ্তী শাসক হব৷ সংবাদ সংস্থা এ এফ পিৰ খবৰ অনুসৰি কিম জুৰ এজন ককায়েকো আছে৷ যাক গোপনে পৰবৰ্তী নেতা কৰোৱাৰ অনুশীলন চলি আছে বুলি চলা খবৰ সম্পূৰ্ণ মিচা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















