NRC প্রকাশ পোৱাৰ পৰা আজি এবছৰ হওঁ হওঁ। ভুলে শুদ্ধই NRC প্রকাশ পাইছিল। NRC এচামৰ বাবে আছিল জাতীয় দলিল। প্রকাশ পোৱাৰ পাছত NRCৰ আৰু বহু কাম বাকী আছিল! এবছৰ হওঁ হওঁ, NRCৰ প্রকাশৰ পাছত হ’বলগীয়া এটি কামো ন”ল। এটা শব্দত ক’বলৈ গ’লে গেঠেলা মাৰিলে। গেঠেলা মৰাটো চৰকাৰী কামত স্বাভাৱিক। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা প্রক্রিয়াত গেঠেলা মৰাটো অস্বাভাৱিক। NRCৰ উচ্চতম ন্যায়ালয়ৰ এবছৰৰ আগলৈ অতি লেখত ল’বলগীয়া কামৰ এটা আছিল। NRCৰ আছিল ভৱিষ্যত অসমীয়া জাতিৰ ৰক্ষাকৱচ। বাৰেপাচি ভুল লৈ NRCৰ প্রকাশ নোপোৱাহেঁতেন NRC কাৰ্যতঃ ৰূপায়ণৰ বাবে অসমত স্বতঃস্ফুর্তভােৱ আন্দোলন হ’লহেঁতেন।
NRCক আমি নস্যাৎ কৰা নাই। NRC এক বিশাল ডাটাবেছ। ইচ্ছা কৰিলে এটা হুকুমত NRCক সঠিক পথলৈ ঘুৰাই অনাৰ বাট এতিয়াও হেৰাই যোৱা নাই। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত ২০২০ চনৰ ৩ জানুৱাৰীত এটা সামান্য শুনানীৰ বাদে আজিলৈ একো নহ’ল। আমি আশাবাদী। পুনৰীক্ষণৰ সৈতে NRCক এতিয়াও জাতীয় দলিল কৰাৰ পথ অৱৰুদ্ধ নহয়। মহামান্য উচ্চতম ন্যায়ালয়ৰ সঠিক দিক-নির্দেশনা সকলোৰে কাম্য। আমি মৌন হৈ থকাৰ অৰ্থ আমি নিস্ক্ৰিয় হৈ বহি থকা নহয়!
আভিজিৎ শৰ্মা, সভাপতি
ধ্রুৱজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক
APW
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ