বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ
ইলেক্টিক স্কুটাৰৰ পাছত এইবাৰ ইলেক্ট্ৰিক বাইক। তাকো এলেপেচা ডিজাইন নহয়। দেখাত কোনো স্পোৰ্টছ বাইকতকৈ কম নহয়। এবাৰতে আকৰ্ষণ কৰিব পৰা ডিজাইন। তাকো ইয়ামৰ মূল্যও অন্য বাইকৰ তুলনাত বহু কম।
মাত্ৰ ৭৫ হাজাৰ টকাতে লাভ কৰিব এই বাইক। এবাৰ চাৰ্জ দিলে ই ৫৭৯ কিলোমিটাৰ পৰ্যন্ত চলিব। য়াৰ বাবে ইয়াৰ দূৰ যাত্ৰাটো নিবলৈ ভয় কৰিব নালাগে। সকলো ফালৰ পৰাই সুবিধাজনক এই বাইক।
এই ইলেক্ট্ৰিক বাইকখন মুকলি কৰিলে অলাৰ ফালৰ পৰা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মাথো এদিন পাছতে অলাই ভাৰতত মুকলি কৰিছে এই বাইক। তিনিটা প্ৰকাৰত বজাৰলৈ উলায়াই দিছে এই বাইক।
এই তিনি প্ৰকাৰ হৈছে ৰ’ডষ্টাৰ এক্স, ৰ’ডষ্টাৰ আৰু ৰ’ডষ্টাৰ প্ৰ’। মূল্যৰ কথা কবলৈ গ’লে , ৰ’ডষ্টাৰ এক্সৰ শ্ব’ৰুমৰ মূল্য- ৭৪,৯৯৯ টকা, ৰ’ডষ্টাৰৰ মূল্য- ১,০৪,৯৯৯ টকা আৰু ৰ’ডষ্টাৰ প্ৰৰ মূল্য- ১,৯৯,৯৯৯ টকা।
ৰ’ডষ্টাৰ এক্সত তিনিটা বেটাৰী পেকৰ বিকল্প প্ৰদান কৰা হৈছে ইয়াত ২.৫ কিলোৱাট ঘণ্টা, ৩.৫ কিলোৱাট ঘণ্টা আৰু ৪.৫ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকৰ বিকল্প আছে । এই বাইকে ঘণ্টাত ১২৪ কিলোমিটাৰ টপ স্পীড দিব বুলি অলাই দাবী কৰিছে । এই বাইকখনৰ ৪.৫ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকে ২০০ কিলোমিটাৰ ৰেঞ্জ দিব।
ওলা ৰ’ডষ্টাৰত আছে ৩.৫ কিলোৱাট ঘণ্টা, ৪.৫ কিলোৱাট ঘণ্টা আৰু ৬ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকৰ বিকল্প । এই বাইকে একেটা চাৰ্জিঙতে ২৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ দাবী কৰিছে । এই বাইকে মাত্ৰ ২ ছেকেণ্ডত ঘণ্টাত ০ ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰিব পাৰে । এই বাইকখনত আছে ৬.৮ ইঞ্চিৰ টিএফটি টাচস্ক্ৰীণ।
ৰ’ডষ্টাৰ প্ৰ’নতুন ৰ’ডষ্টাৰ প্ৰ’ৰ শীৰ্ষ ভেৰিয়েণ্ট। এই বাইকখনত আছে ১৬ কিলোৱাট ঘণ্টাৰ বেটাৰী পেক যিয়ে এটা চাৰ্জতে ৫৭৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে , যিটো আইডিচি প্ৰমাণিত। এই ভেৰিয়েন্টৰ বাইকখনত আছে একক চাৰ্জিঙত ১০ ইঞ্চিৰ টিএফটি টাচস্ক্ৰীণ। এই বাইকখনত ২ চেনেলৰ চুইচেবল এবিএছ চিষ্টেমো আছে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ