বলীউড ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় মুখ ছাৰা আলি খান৷ ছাৰা মানেই যেন সুন্দৰী৷ কিন্তু ছাৰাৰ এই জনপ্ৰিয়তা বেছিদিন হোৱা নাই৷ তেতিয়া ছাৰা আছিল বহু শকত এগৰাকী যুৱতী৷ প্ৰায় ৯২ কিঃগ্ৰাঃৰ পৰা বৰ্তমান ৫২ কিঃগ্ৰাঃ হৈছে ছাৰা৷ এই চেহেৰাৰ বাবে তেওঁ বহু আত্মত্যাগ কৰিছে৷
ভাল লগা খাদ্য ত্যাগ কৰিব লগা হৈছে ছাৰাই৷ ইয়াৰ সৈতে প্ৰতিনিয়ত শৰীৰচৰ্চা৷ ছেইফ আলি খানৰ কন্যা তেওঁ৷ নবাব পৰিয়ালৰ তেজ তেওঁৰ শৰীৰত তথাপিও চুৰি কৰি খাদ্য খাইছিল ছাৰাই৷ ছাৰাক লৈ এই তথ্য দিছে তেওঁৰ বন্ধু অৰি৷ মাত্ৰ দুবছৰৰ ভিতৰত বলীউডৰ তাৰকাসকলৰ নয়নৰ মণি হৈ উঠিছে ওৰহান অবত্ৰমাণি ওৰফে অৰি৷
জাহ্নৱী কাপূৰ, ছুহানা খানৰ পৰা ছাৰা আলি খান, অনন্যা পাণ্ডেসহ চাৰিওপাশে সৰ্বক্ষণ দেখা যায় অৰি ওৰফে ওৰহান অবত্ৰমাণিক৷ যদিও ছবিত অভিনয় নকৰে তথাপিও অৰি বেছ জনপ্ৰিয়৷ কেৱল ফটো তুলিয়েই লাখ লাখ টকা উপাৰ্জন কৰে তেওঁ৷ আম্বানীৰ ঘৰৰ অনুষ্ঠানেই হওক বা জাহ্নৱীৰ ঘৰৰ অনুষ্ঠানতেই হওক সকলোতে দেখা যায় অৰিক৷ সেই অৰিয়েই ছাৰা আলি খান সন্দৰ্ভত দিছে বিশেষ তথ্য৷ ছাৰাই হোটেলৰ পৰা বাথ ৰোলৰ পৰা আৰম্ভ কৰি বেটেৰী পৰ্যন্ত চুৰি কৰি আনে৷
এই তথ্য কপিল শৰ্মাৰ শ্ব’ত নিজেই দিছিল ছাৰা আলি খানে৷ হেণ্ডৱাছৰ পৰা প্ৰসাধনী সামগ্ৰী সকলোবোৰেই বিনামূলীয়াকৈ লৈ ভালপায় ছাৰাই৷ চুৰি নহয়, ধন খৰচ কৰিবলৈহে টান পায় ছাৰাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ