অসম লাইভ২৪ঃ ৪ বছৰ পাছত আকৌ ওভতিছে বাদশ্বাহ শ্বাহৰুখ খান৷ পাঠানৰ মুক্তিৰ পাছতেই দেশ-বিদেশ সকলোতে শ্বাহৰুখ খানৰেই চৰ্চা৷ বিগত ২৫ জানুৱাৰীত প্ৰেক্ষাগৃহত মুক্তিলাভ কৰিছে পাঠানে৷ ছবিখন মুক্তি পোৱাৰ মাত্ৰ ৮ দিনতেই ৬৫০ কোটি উপাৰ্জন কৰিছে পাঠানে৷ এক কথাত পাঠন যেন অপ্ৰতিৰোধ্য৷
কিন্তু আৰম্ভনিতে পাঠানে যি ধুমুহা আনিছিল সেয়া বৰ্তি নাথাকিল৷ এসপ্তাহতে পাঠানৰ চৰ্চা যেন ম্লান পৰিল৷ বহুতেই মুক্তিৰ পাছতেই দাবী কৰিছিল, পাঠানে সকলো ৰেকৰ্ডেই ভাঙিব৷ দক্ষিণৰ চিনেমাই আৰু বলীউডক ৰখাব নোৱাৰে৷ এইসমূহ কথাও যেন ম্লান পৰিছে কৰোবাত৷
শেহতীয়াভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পাঠানক লৈ চলা চৰ্চাত এগৰাকী চিনেমা সমালোচকে কয় যে পাঠানে বলীউডলৈ ভাল দিন আনিলেও এই জোৱাৰ ক্ষন্তেকীয়া৷ দক্ষিণৰ চিনেমাত যদিও বহু একশ্ব্যন অতিৰিক্তভাৱে দেখুওৱা হয় তাত কিন্তু কাহিনী থাকে৷ তেওঁলোকে কাহিনী এটাক উপস্থাপন কৰাৰ যত্ন কৰে৷ ‘পাঠানে’ সেয়া কৰিবলৈ গৈয়ো কৰোবাত থমকি ৰৈছে৷ যাৰবাবে পাঠানে আৰম্ভনিতে অনা জোৱাৰ ধৰি ৰখাত অসফল হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ