জুবিন দা আৰু গৰিমা বৌৰ সৈতে আমাৰ ব্যক্তিগত সম্পৰ্ক আছিল৷ জুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো৷ জুবিনৰ গান শুনি শুনিয়েই মই মানুহ হৈছো৷ মই অত্যন্ত জুবিন প্ৰেমী আছিলো৷ জুবিন দা গুচি গ’ল বহু কষ্টত আছো৷ জুবিন দা যতেই আছে তাৰপৰাই অসমবাসীক আশীৰ্বাদ কৰিব বুলি মই ভাৱো৷ এই মন্তব্য কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈ পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাও৷
মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয়- জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক অত্যন্ত চিৰিয়াছলি লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই৷ জুবিনক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক চাৰিদিন পূৰ্বেই কৈছে, তঁহতে অন্য কথা লৈ মোক এইকেইদিন কথা নকবি৷ জুবিন দাক হেৰুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াও মৰ্মাহত হৈ আছে৷ মই ভাৱো জুবিন দাৰ সৈতে কিবা ঘটনা হ’লে মুখ্যমন্ত্ৰীয়ে ইয়াৰ তদন্ত ভালকৈয়ে কৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















