প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ স্কিমত আবেদন কৰিছে নেকি! এই স্কিমত মাহিলী ৫ হাজাৰ টকাকৈ বৃত্তি দিব চৰকাৰে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই স্কিমত আবেদনৰ সময়সীমা শেষ হব আগন্তুক ৩১ মাৰ্চত। হাতত আৰু বেছি দিন নাই। এই স্কিমত আবেদনৰ বাবে আপুনি অফিচিয়েল ৱেবচাইট minternship.mca.gov.inত গৈ বিতংভাৱে জানি লওক।
এই অফিচিয়েল ৱেবচাইটত লিখা আছে, ভাৰচৰ যুৱক-যুৱতীসকলৰ বাস্তৱ জগতৰ অভিজ্ঞতা আনি দিবলৈ তেওঁলোকক স্বাৱলম্বী কৰি তুলিবলৈকে এই প্ৰকল্প। একাডেমিক শিক্ষা আৰু প্ৰয়োগিক কামৰ পৰিবেশ তৈয়াৰ কৰি উভয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সুবিধা কৰি দিয়াই এই প্ৰকল্পৰ প্ৰধান লক্ষ্য়। আপুনি যদি সদ্য স্নাতক হয় তেন্তে আপোনাৰ বাবে এই স্কিম লাভজনক।
কেনেকৈ ৰেজিষ্টাৰ কৰিব?
প্ৰথমে অফিচিয়েল ৱেবচাইটত pminternship.mca.gov.in ক্লিক কৰক।
হোমপেজত গৈ ৰেজিষ্টাৰ লিংকত ক্ৰিক কৰিব লাগিব।
ইয়াপাছতেই আপুনি অন্য এক ৱেবচাইটত ৰিডাইৰেক্ট হব।
এতিয়া ৰেজিষ্ট্ৰেছন ডিটেল দি ছাবমিট বটনত ক্লিক কৰিব লাগিব।
প্ৰাৰ্থীয়ে দিয়া তথ্যৰ ভিত্তিত পোৰ্টেলত এখন ৰেজুমি তৈয়াৰ হৈ পৰিব।
লোকেছন, চেক্টৰ, ফাংছনেল ৰোল, যোগ্যতা অনুসৰি ইয়াত ৫টা ইণ্টাৰ্ণচিপৰ সুযোগৰ বাবে আপুনি আবেদন কৰিব পাৰিব।
কি কি যোগ্যতা লাগিব?
প্ৰাৰ্থী দশম, দ্বাদশ, আইটি আই, পলিটেকনিক বা ডিপ্লমা কৰ্ছ কৰি থকা হব লাগিব।
মাধ্য়মিক উত্তীৰ্ণ আৰু নিৰ্দিষ্ট ট্ৰেডত আই টি আই পাছ কৰিলেও যোগ্য বিবেচিত হব।
ইণ্টাৰমিডিয়েটসহ AICTE স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা থাকিলেও যোগ্য বিবেচিত হব।
ইউ জি ছি বা AICTE স্বীকৃত প্ৰতিস্থানৰ পৰা স্নাতক উত্তীৰ্ণ হলেও যোগ্য বিবেচিত হব।
প্ৰাৰ্থীৰ বয়স হব লাগিব ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত।
কি কি সুবিধা পাব?
এই স্কিমত নিৰ্বাচিত প্ৰাৰ্থীয়ে ইণ্টাৰ্ণছিপ কৰিলে মাহিলী ৫ হাজাৰকৈ বৃত্তি পাব।
এককালীন ৬ হাজাৰ টকা পাব।
বাস্তৱ জগতৰ কামৰ অভিজ্ঞতা পাব।
এই স্কিমৰ অধীনত ১২ মাহৰ ইণ্টাৰ্ণছিপ কৰোৱা হব দেশৰ ৫০০ সংস্থাত। ইয়াৰ মাধ্যমেৰে উপকৃত হব ১.২৫ লাখ যুৱক যুৱতী। ইয়াৰ পূৰ্বে ১৯৩ টা সংস্থাই দেশৰ তৰুণ তৰুণীক শিক্ষানবিশৰ সুযোগ দিছে। এই পোৰ্টেলত মাৰুতি ছুজুকি ইণ্ডিয়া, ঈশান মোটৰছ, এল এণ্ড টি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, মুথুট ফাইনেন্স, জুবিলেণ্ট ফুডৱাৰ্কছকে ধৰি ডাঙৰ ডাঙৰ সংস্থাই এই ইন্টাৰ্ণচিপ কৰাব। এই স্কিমত অংশ লৈছে ২৪ টা পৃথক পৃথক চেক্টৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ