পঞ্জাৱ নেশ্ব্যনেল বেংকৰ গ্ৰাহকসকলৰ বাবে আহিছে ভাল সুযোগ৷ দেশৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক পি এন বিত ফিক্সড ডিপোজিট একাউণ্টত দিয়া হৈছে আকৰ্ষণীয় সুদৰ হাৰ৷ এই চৰকাৰী বেংকত গ্ৰাহকে বিভিন্ন ম্যাদত FD স্কিমত ৩ শতাংশৰ পৰা ৭.৪০ শতাংশ পৰ্যন্ত সুদ লাভ কৰিব৷ পঞ্জাৱ নেশ্ব্যনেল বেংংকত নূন্যতম ৭ দিনৰ পৰাই FD একাউণ্ট খুলিব পাৰে৷ ইয়াৰোপৰি এই বেংকত সৰ্বোচ্চ ১০ বছৰৰ ম্যাদৰ বাবেও FD কৰা সম্ভৱ৷
৪৪৪ দিনৰ ম্যাদৰ FD স্কিমত সকলোতকৈ বেছি সুদ দিছে পি এন বিয়ে৷ তেওঁলোকৰ ৪৪৪ দিনৰ স্পেছিয়েল এফ ডিত সুদৰ হাৰ সৰ্বাধিক৷ এই স্কিমত সাধাৰণ নাগৰিকৰ বাবে ৬.৬০ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ৮০ বছৰতকৈ বেছি বয়সীয়া প্ৰবীণ নাগৰিকৰ বাবে ৭.৪০শতাংশ সুদ প্ৰদান কৰা হয়৷
ইয়াৰোপৰি পি এন বিৰ ৩০৪ দিনৰ পৰা ১ বছৰৰ ম্যাদৰ এফ ডিত ৫.৬০ শতাংশৰ পৰা ৬.৪০ শতাংশ পৰ্যন্ত সুদ দিয়া হৈছে৷ এই ম্যাদৰ এফ ডিত সাধাৰণ নাগৰিকে লাভ কৰিব ৫.৬০ শতাংশ আৰু চিনিয়ৰ নাগৰিকে ৬.১০ শতাংশ আৰু অতি প্ৰবীণ নাগৰিকে লাভ কৰিব ৬.৪০ শতাংশ সুদৰ সুবিধা৷
৩০৪ দিনৰ এফ ডিত ৩০০, ০০০ টকা জমা কৰিলে কিমান সুদ পাব পঞ্জাৱ নেশ্ব্যনেল বেংকত?
৩০৪ দিনৰ এফ ডি স্কিমত যদি ৩লাখ টকা জমা ৰাখে তেন্তে সাধাৰণ নাগৰিকে ১৪, ২২২ টকা সুদসহ মুঠ ৩১৪২২২ টকা পাব৷ একেদৰে এই স্কিমত ৩ লাখ টকা জমা কৰিলে চিনিয়ৰ চিটিজেনে ১৫, ৫১৪ টকা সুদসহ মুঠ ৩১৫,৫১৪ টকা পাব আৰু অতি প্ৰবীণ নাগৰিকে ১৬২৯২ টকা নিৰ্দিষ্ট সুদসহ মুঠ ৩১৬২৯২ টকা পাব৷
উল্লেখ্য যে এফ ডি একাউণ্টক সকলোতকৈ নিৰাপদ বিনিয়োগ হিচাপে ধৰা হয়৷ কাৰণ নিৰ্দিষ্ট সময়ৰ শেষত স্থিৰ সুদৰ সৈতে সম্পূৰ্ণ ধনেই আপুনি উভতাই লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ