অসম লাইভ২৪ঃ নিউম’নিয়াৰ নাম নুশুনা বা নজনা মানুহ হয়তো নায়েই। বছৰি বহুসংখ্যক লোকেই নিউম’নিয়াত আক্ৰান্ত হয়। শিশুৰ পৰা বয়স্ক ব্যক্তি পৰ্যন্ত কোনো এই ৰোগৰ কবলৰ পৰা সাৰিব নোৱাৰে। মূলতঃ হাওঁফাওঁকেন্দ্ৰিক এই ৰোগবিধৰ বিষয়ে বিশদভাৱে জানেনে? নিউম’নিয়া ৰোগবিধ হৈছে এবিধ সংক্ৰমণ, যি সংক্ৰমণৰ ফলত মানুহৰ হাওঁফাওঁৰ বায়ু জমা হোৱা ফোপালা অংশবোৰ ফুলিবলৈ ধৰে। সংক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ কাঁহ, কফ, জ্বৰ, কঁপনি উঠা আৰু উশাহ লোৱাত কষ্ট পৰ্যন্ত হ’ব পাৰে। বিভিন্ন প্ৰকাৰৰ জীৱ-অণুজীৱ যেনে, বেক্টৰীয়া, ভাইৰাছ আদিয়ে মানৱদেহত প্ৰবেশ কৰা বা আক্ৰমণ কৰাৰ ফলতেই মানুহ এজন নিউম’নিয়া ৰোগত আক্ৰান্ত হয়। নিউম’নিয়া ৰোগৰ প্ৰাবল্য বা মাত্ৰা মৃদু পৰ্যায়ৰ পৰা প্ৰাণঘাতী পৰ্যায় পৰ্যন্ত যাব পাৰে। এই ৰোগৰ ভয়াৱহতা আটাইতকৈ বেছি হয়, কেঁচুৱাৰ পৰা শিশু, বয়স্ক ব্যক্তি, যিসকলৰ বয়স ৬৫বছৰৰ উৰ্দ্ধত আৰু যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল। বৰ্তমান সময়ত ক’ভিডত আক্ৰান্ত ৰোগীৰো নিউম’নিয়া হোৱাৰ সম্ভাৱনা থাকে।
নিউম’নিয়া কেইবা প্ৰকাৰৰ আছে। এই প্ৰকাৰ কেইবিধ হৈছে
১. কমিউনিটি একুয়াৰ্ড নিউম’নিয়া (Community acquired pneumonia)
আটাইতকৈ বেছিকৈ হোৱা নিউম’নিয়া হৈছে এইবিধ নিউম’নিয়া। ‘ষ্ট্ৰেপ্ট’কাছ নিউম’নিয়া’, মাইক্ৰ’প্লাজমা, ছত্ৰক আদি বেক্টেৰীয়াৰ পৰা এইবিধ নিউম’নিয়া হয়। বা যিসকল লোকৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা দুৰ্বল হয়, সেইসকল লোকো এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে।
২. হস্পিটেল একুয়াৰ্ড নিউম’নিয়া (Hospital acquired pneumonia)
এইবিধ নিউম’নিয়া আকৌ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ ফলস্বৰূপে হয়। অৰ্থাৎ কোনো এজন ব্যক্তি যদিহে আন যিকোনো ৰোগত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছে (বিশেষকৈ আই চি ইউ ত), শ্বাস-প্ৰশ্বাসৰ বাবে যদিহে ৰোগীজনক ভেন্টিলেটৰ দি ৰখা হৈছে, তেনে ক্ষেত্ৰত সেই ৰোগীজন এইবিধ নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। আন প্ৰকাৰৰ নিউম’নিয়াৰ তুলনাত এইবিধ বেছি জটিল আৰু গম্ভীৰ হয়। কাৰণ আক্ৰান্ত হোৱা ব্যক্তিজন ইতিমধ্যেই আন ৰোগত ভূগি দুৰ্বল হৈয়েই আছে, তেনেস্থলত পুনৰ নিউম’নিয়াত আক্ৰান্ত হ’লে নিশ্চয়কৈ তেওঁৰ অৱস্থা আৰু বেছি বেয়ালৈ ঢাল খাব। লগতেই এইবিধ নিউম’নিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়’টিকৰ প্ৰতি প্ৰতিৰোধী ক্ষমতাও বেছি হয়।
৩. হেলথ্ কেয়াৰ একুয়াৰ্ড নিউম’নিয়া (Health care acquired pneumonia)
বহু মানুহৰে এনে কিছুমান ৰোগ থাকে, যাৰ বাবে তেওঁ সঘনাই কোনো বাহ্যিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসা সেৱা প্ৰতিষ্ঠানলৈ সঘনাই যাব লগা হয়। যেনে ধৰক— বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইছিছ আদি কৰোৱা। এনেবোৰ প্ৰতিষ্ঠানলৈ সঘনাই কৰা আহ-যাহৰ ফলতো এজন ৰোগী নিউম’নিয়াত আক্ৰান্ত হ’ব পাৰে। এইক্ষেত্ৰতো নিউম’নিয়াই জটিল ৰূপ ল’ব পাৰে।
৪. এছপিৰেচন নিউ’নিয়া (Aspiration pneumonia)
কোনো বিশেষ খাদ্য, পানীয় আদিৰ গোন্ধ উশাহত উজাই লোৱাৰ ফলত, বমি বা দূৰ্ঘটনা আদিত পতিত হৈ হাওফাওক প্ৰভাৱান্বিত কৰাৰ ফলত এইবিধ নিউম’নিয়া হয়। নিউম’নিয়া আক্ৰান্ত ৰোগী এজনৰ শাৰীৰিক লক্ষণসমূহলৈ। অৰ্থাৎ যিকোনো এজন ব্যক্তি নিউম’নিয়াত আক্ৰান্ত হ’লে তেওঁৰ দেহত কি কি লক্ষণে দেখা দিয়ে। অৱশ্যেই ৰোগীজনৰ বয়স আৰু সামগ্ৰিক স্বাস্থ্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহৰ প্ৰাবল্য মৃদুৰ পৰা জটিল হ’ব পাৰে৷
উশাহ লওঁতে বা কাহিলে বুকুত বিষ অনুভৱ কৰা৷
৬৫ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত মানসিক সমস্যাৰ সৃষ্টি হোৱা, যেনে— বিমোৰত পৰা বা মানসিক
সতৰ্কতাৰ দিশত খেলিমেলি লগা৷
কফৰ সৃষ্টি হোৱাকৈ কাহ হোৱা৷
সকলো সময়তে অৱসাদ বা ভাগৰুৱা অনুভৱ কৰা৷
জ্বৰ, ঘামিজামি যোৱা আৰু কঁপনি উঠাবিধৰ ঠাণ্ডা লগা৷
বয়স্ক ব্যক্তিসকল আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ব্যক্তিসকলৰ ক্ষেত্ৰত দেহৰ স্বাভাৱিক তাপমাত্ৰাতকৈ কম তাপমাত্ৰা থকা৷
ওকালি ভাব, বমি বা ডায়েৰিয়া হোৱা৷
উশাহ চুটি হোৱা বা উশাহ লোৱাত সমস্যা হোৱা।
এই লক্ষণসমূহ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী। আৰু লগতেই যদিহে বুকুৰ বিষ, উশাহত সমস্যা, একেলেথাৰিয়ে উঠি থকা আৰু ১০২ ডিগ্ৰীতকৈ বেছি জ্বৰ, কাহ আৰু কাহত খেকাৰ বাহিৰ হোৱা অব্যাহত থাকে, তেন্তে আপুনি তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপক। লগতেই বয়সস্থ ব্যক্তি বা যাৰ হৃদপিণ্ড অথবা হাওফাওৰ সমস্যা আছে, তেনে ব্যক্তিৰ ক্ষেত্ৰত নিউম’নিয়া অতি সহজেই প্ৰাণঘাতী হৈ পৰিব পাৰে।
আন কি কি জটিলতা আহি পৰিব পাৰে?
যদিহে বেক্টেৰীয়াবিধ তেজত মিহলি হৈ পৰে, তেতিয়া ৰোগৰ সংক্ৰমণ দেহৰ আন আন অংগলৈয়ো বিয়পি পৰিব পাৰে, যাৰফলত আন অংগ বিকল হৈ পৰিব পাৰে।
উশাহ লোৱাত জটিলতা ইত্যাদি।
নিউম’নিয়া নহ’বৰ বাবে আপুনি নিউম’নিয়া প্ৰতিৰোধী ভেকচিন ল’ব পাৰে, যিমান পাৰি চাফ-চিকুনতা বজাই চলিব লাগে, ধূম্ৰপান নকৰিব আৰু নিজৰ দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাক যিমান পাৰি শক্তিশালী কৰি ৰখাৰ দিশত গুৰুত্ব দিব লাগে।
নিউম’নিয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰে। ৰোগীজন কিমান বেছি ৰোগগ্ৰস্ত, ৰোগীৰ বয়স, আন কিবা বেলেগ ৰোগ আছে নেকি এইবোৰ দিশলৈ লক্ষ্য ৰাখি চিকিৎসকে পৰ্যাপ্ত চিকিৎসা আগবঢ়ায়। এই ৰোগৰ চিকিৎসাৰ মূল লক্ষ্য হৈছে, ৰোগৰ সংক্ৰমণ ৰোধ কৰি জটিলতাসমূহক বাধা প্ৰদান কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ