ৰক্তচাপ, হাৰ্টৰেট দেখিয়েই বুজা যাব সত্য কি? তদন্তত নতুন দিশা পাব CBIয়ে৷ আৰ জি কৰ কাণ্ডত ধৃত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি পালে তদন্তকাৰী সংস্থাই৷ কলকাতাৰ হাস্পকালত তৰুণী চিকিৎসকৰ সৈতে কি ঘটিছিল বিশেষ এই টেষ্টত ধৰা পৰিবনে? কি এই পৰিগ্ৰাফ টেষ্ট? তদন্তকাৰীসকলৰ অনুমান, কলকাতাৰ হাস্পতালত ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ ৰিপৰ্ট, অভিযুক্তৰ পলিগ্ৰাফ টেষ্টত তদন্তৰ নতুন মূৰো ওলাব পাৰে৷ টেষ্টৰ এই সময়ত গোপন সকলো তথ্য দি দিব পাৰে ধৃতই৷ আৰজি কৰ গোচৰৰ তদন্তত আৰু তথ্য ওলাব পাৰে CBIৰ পৰা৷
কি এই পলিগ্ৰাফ টেষ্ট?
অভিযুক্তৰ হৃদস্পন্দন, ব্লাড প্ৰেছাৰ, মানসিক চাপ সকলো জুখা হয় পলিগ্ৰাফ টেষ্টত৷ শাৰীৰিক আৰু মানসিক স্থিতাবস্থাও বুজিব পাৰি এই পৰীক্ষাত৷ ইয়াৰপাছতেই এটাৰ পাছত আনটো প্ৰশ্ন কৰে তদন্তকাৰী বিষয়াই৷ অভিযুক্ত ব্যক্তিয়ে যদি সমস্ত প্ৰশ্নৰ সঠিক উত্তৰ নিদিয়ে বা মিছাকৈ কয় তেতিয়া সহজেই ধৰা পৰাৰ সম্ভাৱনা থাকে৷
কেনেকৈ কৰা হয় এই টেষ্ট?
মূলত কাৰ্ডিঅ কাফ যি একপ্ৰকাৰ স্পৰ্শকাতৰ বৈদ্যুতিক আৰু অভিযুক্তৰ শৰীৰত ইয়াক লগাই দিয়া হয়৷ ই ব্যক্তিৰ ব্লাড প্ৰেছাৰ, পালছ ৰেট, ৰক্তচাপ জুখিব৷ সঁচা কোৱাৰ সম্ভাৱনাও জনাই থাকিব এই মেছিনে৷ তাতেই নম্বৰ অনুযায়ী ভুল, শুদ্ধৰ পৰিমাপ নিৰ্ণয় হৈ থাকিব৷
পলিগ্ৰাফ টেষ্টৰ ব্যৱহাৰ
ন দশকতেই প্ৰথম পলিগ্ৰাফ টেষ্ট কৰা হৈছিল৷ এই টেষ্ট কৰা হৈছিল ইটালিত৷ পৰীক্ষাটো কৰিছিল অপৰাধ দমন শাখাৰ এগৰাকী বিশেষজ্ঞই৷ অভিযুক্তৰ শাৰীৰিক অৱস্থাৰ পৰিমাপ কৰি সহজেই তেওঁ কৈ দিছিল সঁচাটো কি? ইয়াৰপাছতেই ধীৰে ধীৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মনোবিদ আৰু অপৰাধ দমন বিভাগেও এই টেষ্ট কৰা আৰম্ভ কৰে৷ ঠাণ্ডা মগজুৰ হত্যাকাৰী পলিগ্ৰাফ টেষ্টৰ সময়ত হোৱা মানসিক স্থিতাবস্তাৰ পৰীক্ষাত পাছ কৰি যায় বুলি অধিকাংশ বিশেষজ্ঞৰেই দাবী৷
কিমান সঠিক টেষ্ট দিয়ে এই ৰিজাল্টে?
পলিগ্ৰাফ টেষ্ট সাফল্যৰ সম্ভাৱনা ১০০শতাংশ৷ কোনো অভিযুক্তৰ ওপৰত থাৰ্ড ডিগ্ৰী টৰ্চাৰৰ দৰে নৃশংসতা নকৰাকৈ পলিগ্ৰাফ টেষ্ট কৰাটো বহু বেছি উপযুক্ত বুলি ভাৱে বিশেষজ্ঞই৷ একমাত্ৰ পলিগ্ৰাফ টেষ্টৰ ৰিজাল্টেই শেষ তথ্যপ্ৰমাণ হিচাপে বিবেচিত নহয়৷
শ্ৰদ্ধা ৱালকৰ গোচৰৰ পলিগ্ৰাফ টেষ্ট
উদাহৰণ হিচাপে দিল্লীৰ শ্ৰদ্ধা ৱালকৰ হত্যাৰ ঘটনা৷ তাত অভিযুক্ত আফতাব পুনোৱালৰ পলিগ্ৰাফ টেষ্ট কৰা হয়৷ শ্ৰদ্ধাক হত্যা কৰাৰ পাছত কত কেনেকৈ মাৰ্ডাৰ ৱেপন পেলোৱা হৈছিল সেয়া পলিগ্ৰাফ টেষ্টত স্বীকাৰ কৰিছিল ধৃতই৷ সেই স্থানৰ পৰা অস্ত্ৰ উদ্ধাৰ হোৱাৰ পাছতেই পলিগ্ৰাফ টেষ্টক সৰ্বশেষ তথ্যপ্ৰমাণ হিচাপে ধৰে তদন্তকাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















