প্ৰত্যেকেই তেওঁলোকৰ উপাৰ্জনৰ কিছু অংশ সঞ্চয় কৰিব খোজে৷ আৰু এনে স্থানত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰে যাতে অৰ্থ নিৰাপদে থাকে আৰু ভাল ৰিটাৰ্ণো লাভ কৰে৷ সেই কাৰণে ডাকঘৰৰ দ্বাৰা পৰিচালিত চৰকাৰী স্কিমসমূহ বিশেষভাৱে জনপ্ৰিয়৷ তাতেই চৰকাৰে নিজৰ বিনিয়োগকৃত অৰ্থৰ নিৰাপত্তাৰ নিশ্চয়তা দিয়ে৷ এফ ডিৰ দৰেই এনে এক জনপ্ৰিয় স্কিম হৈছে পোষ্ট অফিচ টাইম ডিপোজিট৷ মাত্ৰ ২ লাখ টকাৰ বিনিয়োগৰ পৰাই ৯০,০০০ টকা পোৱা যায়৷ সেয়াও কেৱল সুদৰ পৰা৷
ধন হেৰুওৱাৰ ভয় নাই৷ সকলো বয়সৰ বাবেই এই সঞ্চয় স্কিম পৰিচালনা কৰে ডাকঘৰে৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিম সম্পৰ্কে কথা ক’বলৈ গ’লে চৰকাৰে এক যুক্তিসংগত সুদৰ হাৰো অফাৰ কৰে৷ যাৰ ফলত বিনিয়োগৰ ওপৰত চমৎকাৰ ৰিটাৰ্ণ পোৱা যায়৷ এই স্কিমৰ অধীনত বিনিয়োগকাৰীয়ে চৰকাৰৰ পৰা ৭.৫ শতাংশ সুদৰ হাৰ লাভ কৰে৷
চৰকাৰে বিভিন্ন ম্যাদত সুদ দিছে
পোষ্ট অফিচ টাইম ডিপোজিট স্কিমৰ অধীনত, বিনিয়োগকাৰীয়ে বিভিন্ন ম্যাদৰ বিনিযোগৰ সুবিধা লাভ কৰে৷ ১বছৰ, ২ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ বাবে ধন জমা কৰাৰ বিকল্প প্ৰদান কৰে৷ বিভিন্ন ম্যাদৰ সুদৰ হাৰৰ দিশলৈ চালে এবছৰৰ বাবে বিনিয়োগ কৰিলে ৬.৯শতাংশ সুদ পোৱা যায়৷ দুই বা তিনি বছৰৰ বাবে বিনিয়োগ কৰিলে ৭শতাংশ সুদ পোৱা যায় আৰু পোষ্ট অফিচ স্কিমত পাঁচ বছৰৰ বাবে বিনিয়োগ কৰিলে ৭.৫ শতাংশ সুদ পোৱা যায়৷
২ লাখ টকা বিনিয়োগ কৰিলে কিমান আয় কৰিব পাৰি?
পোষ্ট অফিচৰ এই স্কিমত অন্যান্য কাৰণত বিনিয়োগকাৰীয়ে কেৱলমাত্ৰ সুদৰ পৰাই যথেষ্ট ৰিটাৰ্ণ পাব পাৰে৷ সৰ্বাধিক লাভৰ বাবে ৫বছৰৰ বিকল্পটো বাচি লোৱা লাভজনক হব৷ ধৰা হ’ল কোনোৱে ৫ বছৰৰ বাবে এটা টাইম ডিপোজিট স্কিমত ২ লাখ টকা বিনিয়োগ কৰে তেতিয়া ৭.৫ শতাংশ সুদৰ হাৰত মুঠ তহবিল হ’ব ২৮৯৯৯০ টকা৷ সুদৰ পৰিমাণ হ’ব ৮৯,৯৯০ টকা৷
বিনিয়োগৰ পৰিমাণ বঢ়াই সুদৰ পৰা আৰু বেছি আয় কৰিব পাৰি
উদাহৰণস্বৰূপে যদি এজন বিনিয়োগকাৰীয়ে এই ডাকঘৰ প্ৰকল্পত পাঁচ বছৰৰ বাবে ৫লাখ টকা বিনিয়োগ কৰে, তেন্তে আৰ্জিত সুদ হ’ব ২,২৪,৯৭৮ টকা৷ আৰু মুঠ ধন হ’ব ৭,২৮,৯৭৮ টকা হ’ব৷
এই স্কিমৰ কৰ সুবিধাসমূহ কি কি?
আয়কৰ বিভাগ কৰ্তৃক ধাৰা ৮০ চিৰ অধীনত পিউ টাইম ডিপোজিট স্কিমে কৰ ৰেহাইয়ো দিয়ে৷ এই সঞ্চয় স্কিমৰ অধীনত এটা একক একাউণ্ট বা এটা যৌথ একাউণ্ট খুলিব পাৰে৷ এটা পোষ্ট অফিচ টাইম ডিপোজিটত সৰ্বনিম্ন ১০০০ টকা দি খুলিব পাৰে৷ প্ৰাথমিক বিনিয়োগৰ ওপৰত ভিত্তি কৰি সুদ জমা হয়৷ সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ