নিৰাপদ বিনিয়োগ কৰিবলৈ আৰু নিশ্চিতভাৱে ৰিটাৰ্ণ পাবলৈ বহুতেই পোষ্ট অফিচকেই ভৰসা কৰে৷ বিনিয়োগৰ ক্ষেত্ৰত পোষ্ট অফিচৰ বিভিন্ন স্কিমৰ জনপ্ৰিয়তা থাকে তুংগত৷ গাওঁ হওক কিংবা চহৰ, সকলো স্থানতেই বিনিয়োগকাৰীয়ে পোষ্ট অফিচৰ বিভিন্ন স্কিমত বিনিয়োগ কৰে৷ আৰু পোষ্ট অফিচৰ অন্যতম জনপ্ৰিয় স্কিম হৈছে গ্ৰাম সুৰক্ষা যোজনা৷ ইয়াৰ আওঁতাত বিনিয়োগকাৰীয়ে ভাল ৰিটাৰ্ণ পাব পাৰে৷ গাওঁ সুৰক্ষা যোজনাৰ কথা ক’বলৈ গলে এই গাওঁ এলেকাত বসবাসকাৰী মানুহৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে৷ ইয়াৰ অধীনত বিনিয়োগকাৰীয়ে সৰ্বোচ্চ ১০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ আৰু বিনিয়োগৰ ম্যাদৰ কথা ক’বলৈ গলে বিনিয়োগকাৰীয়ে ১০, ১৫, ২০, ২৫ বছৰৰ বাবে এই স্কিমত বিনিয়োগ কৰি সুবিধা লাভ কৰিব পাৰে৷
পোষ্ট অফিচৰ গাওঁ সুৰক্ষা প্ৰকল্প
গাওঁ এলেকাত বসবাসকাৰী মানুহৰ সুবিধাৰ কথা মূৰত ৰাখিয়েই পোষ্ট অফিচৰ গাওঁ সুৰক্ষা যোজনা আৰম্ভ কৰা হৈছে৷ এই যোজনাৰ আওঁতাত ৰুবেল পোষ্টেল লাইফ ইঞ্চুৰেন্স স্কিম আৰম্ভ কৰা হৈছে যাতে গাওঁত বসবাস কৰা মানুহ উপকৃত হব পাৰে৷ বিনিয়োগকাৰীয়ে যদি প্ৰতিদিনে ৫০ টকাকৈ বিনিয়োগ কৰে তেন্তে তেওঁ ৩৫ লাখ টকা পৰ্যন্ত সুবিধা পাব পাৰে৷
এই স্কিমৰ সুবিধা লোৱাৰ বাবে বিনিয়োগকাৰীৰ বয়স ১৯ৰ পৰা ৫৫ বছৰৰ মাজত হব লাগে৷ গাওঁ সুৰক্ষা যোজনা প্ৰকল্পৰ আওতাত বিনিয়োগকাৰীয়ে মাহিলী, ত্ৰিমাসিক, অৰ্ধ বাৰ্ষিক অথৱা বাৰ্ষিক আকাৰৰ প্ৰিমিয়াম বিনিয়োগ কৰিব পাৰে৷ এই প্ৰকল্পৰ অধীনত বিনিয়োগকাৰীক প্ৰতিদিনে ৫০ টকা অৰ্থাৎ প্ৰতি মাহে ১৫০০ টকাকৈ জমা কৰিব লাগিব৷ বিনিয়োগকাৰীয়ে যদি ১৯ৰ পৰা ৫৫ বছৰৰ মাজত বিনিয়োগ আৰম্ভ কৰে তেন্তে ৮০ বছৰ বয়স হোৱাৰ পাছত বিনিয়োগকাৰীয়ে ৩৫ লাখ টকা পাব পাৰে৷ ইয়াৰ ফলত যদি বিনিয়োগকাৰীৰ যদি মৃত্যুও হয় তেন্তে সমস্ত সুবিধা নমিনিক দিয়া হয়৷
এই সুবিধা কেনেকৈ পোৱা যায়?
বিনিয়োগকাৰীয়ে যদি এই স্কিমৰ সুবিঘা লব খোজে তেন্তে তেওঁ নিজৰ নিকটবৰ্তী ডাকঘৰত যোগাযোগ কৰক৷ তাতেই প্ৰাসংগিক তথ্য সংগ্ৰহ কৰাৰ পাছতই ইয়াৰ বাবে আবেদন কৰিব পাৰে৷ কেতিয়া এই টকা পাব? পোষ্ট অফিচৰ গাওঁ সুৰক্ষা যোজনাৰ বিনিয়োগকাৰী সুবিধাভোগীসকলে ৮০ বছৰ বয়স পূৰ্ণ হোৱাৰ পাছত পলিছিৰ সম্পূৰ্ণ পৰিমাণ, অৰ্থাৎ ৩৫ লাখ টকা প্ৰদান কৰা হয়৷ প্ৰয়োজনত বহুতে ইয়াৰ পূৰ্বে এই টকাৰ বাবে ক্লেম কৰিব পাৰে৷ এইক্ষেত্ৰক প্ৰকল্পৰ নিয়ম অনুসৰি যদি বিনিয়োগকাৰীয়ে ৫৫ বছৰ বয়সত যদি এই বিনিয়োগৰ ম্যাদপূৰ্তি হয় তেন্তে ৩১.৬০ লাখ টকা, ৫৮ বছৰ বয়সত ৩৩.৪০ লাখ টকা আৰু ৬০বছৰ বয়স ম্যাদপূৰ্তিৰ পাছত ৩৪.৬০ লাখ টকা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ