মোদী চৰকাৰে লৈছে বৃহৎ উদ্যোগ৷ সন্তানৰ ভৱিষ্যৎ আৰু মাতৃৰ পুষ্টি নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে এই প্ৰকল্প পৰিচালনা কৰে৷ মূলত গৰ্ভৱতী আৰু স্তন্যদানকাৰী মাতৃৰ পুষ্টিৰ অভাৱ দূৰ কৰাই ইয়াৰ মূল লক্ষ্য৷
কিমান টকাকৈ আৰ্থিক সহায়তা দিয়া হ’ব?
এই প্ৰকল্পৰ ধন পোনপটীয়াকৈ উপভোক্তাৰ একাউণ্টলৈ পঠিওৱা হয়৷
প্ৰথম সন্তানৰ ক্ষেত্ৰত ৫০০০ টকা
প্ৰথম কিস্তিঃ গৰ্ভাৱতা নথিভুক্ত কৰাৰ পাছত আৰু প্ৰসৱৰ পূৰ্বে অন্তত এটা স্বাস্থ্য পৰীক্ষাৰ পাছতেই একাউণ্টত লাভ কৰিব ৩০০০ টকা৷
দ্বিতীয় কিস্তিঃ শিশুৰ জন্মৰ পাছত আৰু জন্মৰ সময়ত টিকা সম্পন্ন হ’লে পোৱা যায় এই ধন৷
দ্বিতীয় সন্তানৰ ক্ষেত্ৰত ৬০০০ টকা
যদি সন্তানটি কন্যা সন্তান হয় তেতিয়া চৰকাৰৰ এককালীন ৬০০০ টকা আৰ্থিক সাহায্য লাভ কৰিব৷ অৰ্থাৎ কোনো মহিলাৰ ক্ষেত্ৰত মুঠ সহায়তাৰ পৰিমাণ ৬০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত হব পাৰে৷
আবেদনৰ যোগ্যতা
আবেদনকাৰী মহিলাৰ বয়স অন্তত ১৯ বছৰ হ’ব লাগিব৷
পৰিয়ালৰ বাৰ্ষিক আয় ৮লাখ টকাতকৈ বেছি হ’লে নহ’ব৷
শিশুৰ জন্মৰ ২৭০ দিনৰ ভিতৰত আবেদন কমা কৰিব লাগিব৷
প্ৰয়োজনীয় নথিপত্ৰ
আবেদন কৰাৰ সময়ত আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰা বাধ্যতামূলক৷
বেংক পাছবুক লাগিব৷
ৰেচন কাৰ্ড অথৱা আয়ৰ পত্ৰ৷
মাতৃ আৰু শিশুৰ সুৰক্ষা কাৰ্ড৷
আবেদন পদ্ধতি
আপুনি দুই ধৰণে এই প্ৰকল্পৰ বাবে আবেদন কৰিব পাৰে৷
অনলাইন আবেদন- পোনপটীয়াকৈ অফিচিয়েল পৰ্টেল https://pmmvy.wcd.gov.in-ত লৈ প্ৰয়োজনীয় তথ্য দি আবেদন কৰিব পাৰে৷
অফলাইন আবেদন- আপোনাৰ নিকটস্থ অংগনৱড়ি কেন্দ্ৰ অথৱা চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰি ফৰ্মা জমা গিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















