১০ বছৰৰ সৰু নিক জোনাছে টুইটাৰত মেছেজ কৰি প্ৰিয়ংকা চোপ্ৰাক নম্বৰ বিচাৰিছিল৷ সেই সময়ত প্ৰিয়ংকাই কিন্তু অন্য এক সম্পৰ্কত বান্ধ খাই আছিল৷ প্ৰিয়ংকাই তেতিয়া ভৱা নাছিল তেওঁ এদিন নিক জোনাছৰ পত্নী হ’ব৷ লাহে লাহে প্ৰিয়ংকাৰ সেই সম্পৰ্কৰ পৰা ওলাই তেতিয়া নিকৰ সৈতে কথা পতা আৰম্ভ কৰিছিল৷ প্ৰিয়ংকাৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ হোৱাৰ পূৰ্বে নিকৰো আছিল একাধিক সম্পৰ্ক৷ যি তিনিটা সম্পৰ্কক লৈ চৰ্চা হৈছিল নিকৰ সেই তিনিটা সম্পৰ্ক আছিল চাইৰাছ, ছেলেনা গোমেজ আৰু অলিভিয়া কুলপো৷ প্ৰত্যেকেই খ্যাতনামী৷ আটাইকেইটা সম্পৰ্কতেই কিন্তু বেছিদিন টিকি নাথাকিল৷ শেষ পৰ্যন্ত ভাৰতীয় অভিনেত্ৰীৰ সৈতে ঘৰ বান্ধে গায়কে৷ কিন্তু স্বামীৰ প্ৰেমজীৱনৰ কথা জানি কি প্ৰতিক্ৰিয়া দিয়ে বিশ্বসুন্দৰী প্ৰিয়ংকাই?
প্ৰিয়ংকা এতিয়া নিকৰ পত্নী৷ কন্যা মালতী মেৰিক লৈ সুখী দাম্পত্য জীৱন৷ ২০১৮ চনৰ ১ ডিচেম্বৰত তেওঁলোকে বিয়া কৰায়৷ খ্ৰিষ্টীয়ান আৰু হিন্দু দুই সম্প্ৰদায়ৰ ৰীতি মানি বিয়া কৰাইছে প্ৰিয়ংকা নিকে৷ ২০২২ চনত ছাৰোগেছিৰ মাধ্যমেৰে মাতৃ হৈছে প্ৰিয়ংকা৷ সামাজিকমাধ্যমত দুয়োৱে বিভিন্ন সময়ৰ সুখৰ মুহূৰ্তবোৰ শ্বেয়াৰো কৰি থাকে৷ এই সুখী দাম্পত্য জীৱনৰ মাজত স্বামীৰ প্ৰাক্তন প্ৰেমিকাৰ কথা যেতিয়া গম পায় তেতিয়া প্ৰিয়ংকাই কি ৰিয়েকশ্ব্যন দিছিল?
প্ৰিয়ংকাই জনাই যে, তেওঁৰ স্বামীৰ প্ৰাক্তন প্ৰেমিকাক লৈ বিন্দুমাত্ৰও প্ৰভাৱ নাই পৰা৷ এই সকলোবোৰত কাহানিও মূৰ ঘমাই পোৱা নাই৷ বহীৰ পাৰ হৈ যোৱা পৃষ্ঠা ওলোটাই পঢ়াৰ অভ্যাস নাই বুলি জনাইছিল প্ৰিয়ংকাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ