অসম লাইভ২৪ঃ দেশ আৰু ভাষাৰ পৰিধি ভাঙি আন্তৰ্জাতিক তাৰকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে প্ৰিয়ংকা চোপ্ৰাই। হলীউডৰ ছবিতো কাম কৰিবলৈ আৰম্ভ কৰিছে প্ৰিয়ংকা চোপ্ৰাই। ‘কোৱেণ্টিকো, বেৱাছ, দ্যা মেট্ৰিক্স ৰেজাৰেক্সনচ’ কে ধৰি কেইবাখনো ছবিত কাম কৰিছে প্ৰিয়ংকাই। এইবাৰ মাৰ্বেল খ্যাত ৰুছ ব্ৰাদাৰ্ছৰ সৈতে কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে দেশী গাৰ্ল প্ৰিয়ংকাই। স্পাই থ্ৰিলাৰ চিৰিজত কাম কৰিবলৈ আগবাঢ়িছে প্ৰিয়ংকা। বহুভাষী চিৰিজত মুখ্য চৰিত্ৰত দেখা যাব প্ৰিয়ংকাক।
এপ্ৰিল মাহত অটিটি প্লেটফৰ্মত মুক্তিলাভ কৰিব প্ৰিয়ংকা অভিনীত ছবিখনে। ‘ছিটাডেল’ ছবিৰেই হলিউডৰ প্ৰথম শাৰীৰ তাৰকাসকলৰ সৈতে খোজ মিলাবলৈ আগবাঢ়িছে প্ৰিয়ংকা।
হলিউডত ভৰি দিয়াৰ সময়ত পদে পদে লাঞ্চিত হৈছিল প্ৰিয়ংকা। একাধিক অডিছন দিও প্ৰযোজক পৰিচালকৰ ভৰষা অৰ্জন কৰিব পৰা নাছিল প্ৰিয়ংকাই। এই সন্দৰ্ভত প্ৰিয়ংকাই এক সাক্ষাৎকাৰত কৈছে, ‘ষ্ট্ৰিমিঙে বহু আঞ্চলিক ধাৰণা সলনি কৰিবলৈ সক্ষম হৈছে। কমফৰ্ট জ’নৰ পৰা আঁতৰি মনে নিবিচৰা কামো বহুসময়ত কৰিছো। বিশ্বৰ দৰ্শকৰ সন্মুখত নিজকে তুলি ধৰা মোৰ বাবে ইমান সহজ নাছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ