প্ৰিয়ংকাই নিৰ্বাচন খেলিলে সহজেই মোদী ২-৩ লাখ ভোটত পৰাস্ত হ’ল হেঁতেন- ৰাহুল গান্ধী
যদি প্ৰিয়ংকাই বাৰাণসীৰ পৰা নিৰ্বাচন খেলিল হেতেন , তেন্তে সহজেই মোদী ২-৩ লাখ ভোটত পৰাস্ত হ’ল হেঁতেন। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ এক মন্তব্য কৰে। তেঁও কয়, যদিহে এইবাৰ নিৰ্বাচনত ভগ্নী প্ৰিয়ংকাই বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হল হেঁতেন , তেন্তে সহজেই পৰাস্ত কৰিব পাৰিলে হেঁতেন। নৰেন্দ্ৰ মোডীক দুই-তিনি লাখ ভোটত পৰাস্ত কৰিলেহেঁতেন।
সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত তিনি লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰা লোকসভা আসন ৰায়েবাৰেলীত ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে।
https://x.com/INCIndia/status/1800507358797590644
ৰাহুল গান্ধীয়ে কয়, ‘মই এই কথা অহংকাৰৰ বাবে কোৱা নাই। মই এই কথা কৈছোঁ কাৰণ ভাৰতৰ জনসাধাৰণে প্ৰধানমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁৰ ৰাজনীতিত জনসাধাৰণ সন্তুষ্ট নহয়।” লগতে ইয়াকো কয়, “ৰাইজে এই বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকে ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে থিয় দিছে।”
এই নিৰ্বাচনী বতৰত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনী পৰ্যায়ত অভিষেক ঘটাব বুলি ব্যাপক জল্পনা-কল্পনা চলিছিল, আমেথি আৰু ৰায়েবাৰেলি লোকসভাৰ আসন তেওঁৰ সম্ভাৱ্য পছন্দ। অৱশ্যে ৰাহুল গান্ধীয়ে পূৰ্বতে মাতৃ ছোনিয়া গান্ধীৰ হাতত থকা তেওঁৰ পৰিয়ালৰ দুৰ্গ ৰায়েবাৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাছি লৈছিল।
কংগ্ৰেছে আমেথিৰ পৰা কে এল শৰ্মাক থিয় কৰাইছিল, আৰু তেওঁ বিজেপিৰ স্মৃতি ইৰাণীক ১.৬ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।
বাৰাণসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ জয়লাভ কৰে। অৱশ্যে তেওঁৰ জয়ৰ ব্যৱধান ২০১৯ আৰু ২০১৪ চনৰ তুলনাত কম আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ