অনুমতি পূৰ্বেই লাভ কৰিছিল৷ শনিবাৰে কলকাতাৰ ছিজিঅ’ কমপ্লেক্সত CBI দফতৰৰ সন্দীপ ঘোষ আৰু বাকীসকলৰ পলিগ্ৰাফ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ মুঠ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা চলিব৷ দিল্লীৰ পৰা CBIৰ এটা বিশেষ দল আহিছে কলকাতালৈ৷ শনিবাৰে সকলোৰে পলিগ্ৰাফ পৰীক্ষা চলিব বুলি পূৰ্বেই জনাইছিল CBIয়ে৷ কথামতেই চলি আছে ৬গৰাকীৰে পলিগ্ৰাফ টেষ্ট৷
আৰ জি কৰত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছিভিক ভলণ্টিয়াৰৰ পলিগ্ৰাফ পৰীক্ষাও শনিবাৰে কৰি আছে ছিবিআইয়ে৷ বৰ্তমান ধৃত সঞ্জয় জে’ল হেফাজতত আছে৷ ছিজিঅ’ কমপ্লেক্সত শনিবাৰে পুৱাই উপস্থিত হৈছে সন্দীপ৷ তেওঁ এইবাৰকে ধৰি মুঠ ৯বাৰ CBI দফতৰত হাজিৰ হৈছে৷ পূ
সন্দীপৰ ওপৰিও আৰজি কৰৰ অইন ৪ চিকিৎসকৰ পলিগ্ৰাফ টেষ্ট কৰিব CBIয়ে৷ অৱশ্যে একেলগে আটাইকেইজনৰ পৰীক্ষা নহয়৷ এজন এজনকৈহে ৬জনৰ পলিগ্ৰাফ টেষ্ট হ’ব৷ টেষ্টৰ সময় CBIয়ে থিৰাং কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ