লোকসভাৰ বিৰোধী দলনেতাৰ আসনত ৰাহুল গান্ধীয়েই বহিব৷ মঙলবাৰে আনুষ্ঠানিকভাৱে ইণ্ডিয়া জোঁটে জনাইছে এই কথা৷ প্ৰায় ৩ দশকৰ ৰাজনৈতিক কেৰিয়াৰত এইবাৰ প্ৰথম কোনো সাংবিধানিক আসন পাইছে ৰাহুলে৷ ১০ বছৰ পাছত বিৰোধী দলনেতাৰ পদ কংগ্ৰেছ দলৰ হাতলৈ আহিছে৷
বিৰোধী দলনেতা হ’বলৈ মুঠ ১০ শতাংশ আসন লাভ কৰিব লাগে৷ অৰ্থাৎ ৫৫ জন সাংসদৰ প্ৰয়োজন হয়৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত সেই সংখ্যা চুব পৰা নাছিল কংগ্ৰেছ দলে৷ এইবাৰ কংগ্ৰেছৰ উত্থান হৈছে৷ কংগ্ৰেছৰ হাতলৈ আহিছে ৯৯ জন সাংসদ৷ লগত আছে ইণ্ডিয়া জোঁট৷
সেয়ে এইবাৰ বিৰোধী দলনেতা পদত ৰাহুলক বহুৱাইছে কংগ্ৰেছে৷ বিগত ৯ জুনত কংগ্ৰেছ কৰ্মকৰ্তাসকলে বৈঠক অনুষ্ঠিত কৰি ৰাহুলক বিৰোধী দলপতি পাতে৷ এই প্ৰস্তাৱ কাহানিবাই গ্ৰহণ কৰা হৈছিল যদিও ৰাহুলে মানি নোলোৱাৰ বাবেই ঘোষণা কৰিব পৰা নাছিল ইণ্ডিয়া জোঁটে৷ স্পিকাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে ছি বেণুগোপালে আনুষ্ঠানিক ভাৱে কয়, ‘ৰাহুলেই বিৰোধী দলনেতা হ’ব৷ প্ৰায় ৩ দশক সক্ৰিয় ৰাজনীতিত আছে কংগ্ৰেছ ৰাজপুত্ৰ৷ ইয়াৰ পূৰ্বে দলৰ সভাপতিও হৈছে৷ কিন্তু কোনো সাংবিধানিক পদত তেওঁ বহা নাই৷ এইবাৰ প্রথম ৰাহুল কোনো সাংবিধানিক পদত বহিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ