অসম লাইভ ২৪ঃ বিগত বষৰ্ৰ শেষৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলনে এটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ সময়চোৱাতে কৃষকৰ ওচৰত হাৰ মানিলে মোদী চৰকাৰে। শেষত মোদী চৰকাৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিবলৈ বাধ্য হয় তিনি কৃষি বিল বাতিল কৰাৰ কথা । কিন্তু কৃষি বিল বাতিলৰ পূৰ্বে অৰ্থাৎ কৃষক আন্দোলনৰ ভৰপক সময়চোৱাত মোদী চৰকাৰৰ পক্ষপাতিত্ব লোৱা একাংশ সংবাদ মাধ্যমে সেই একেই কৃষক সমাজক খালোস্তানী, দেশ বিৰোধী, সন্ত্ৰাসবাদী ইত্যাদি বিভিন্ন উপমা দি সমালোচনাৰে থকা সৰকা কৰিছিল। কৃষকৰ মন্তব্যক বিকৃত কৰি গোদী মিডিয়াসমূহে এক প্ৰকাৰে কৃষকৰ আন্দোলনক জনতাৰ ওচৰত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। আনকি গোদী মিডিয়াই দিল্লী – হাৰিয়ানাৰ গাজিপুৰ সীমান্তত কৃষকৰ মাজত মহিলা সাংবাদিক নিয়োগ কৰি একাংশ সংবাদ মাধ্যমে মহিলা সাংবাদিকৰ শিথিলতাৰ সুযোগ লৈ কৃষকৰ পৰা না না মন্তব্য লৈ না না ৰূপ দিবলৈ চেষ্টা কৰিছিল কৃষক আন্দোলনক। সেই সংবাদ মাধ্যমমূহৰ ভিতৰত বিশেষকৈ নাম আছিল অৰ্ণৱ গোস্বামীৰ The Republic টিভি চেনেলৰ। কিন্তু লাহে লাহে কৃষকেও বুজি পালে গোদী মিডিয়াৰ আচল ৰূপ। সেয়ে এইবাৰ The Republic টিভিৰ মহিলা সাংবাদিকক অতি ৰূহ আৰু ৰাজহুৱাকৈ ৰাকেশ টিকাইটে সাৱধানবাণী শুনোৱাৰ লগতে স্পষ্টকৈ বুজাই দিলে যে মই তোমালোকৰ চেনেলৰ সন্মুখত একোৱেই নকওঁ । কাৰণ মই কম কিবা এটা আৰু আপোনালোকে বজাব কিবা এটা। সেয়ে মই একো নকওঁ। আৰু ৰাকেশ টিকাইটৰ এই মন্তব্যৰ পিছতেই চৰ্চা হৈছে যে Republic টিভিক ৰাজহুৱাকৈ এনে লাজ দিয়াৰ পাছতো অৰ্ণৱ গোস্বামীয়ে লাজ সঁচাকৈ পাবনে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ