পঞ্জিকা অনুসৰি আজি শ্ৰাৱণী পূৰ্ণিমা তিথি৷ প্ৰতি বছৰে এই তিথিতেই পালিত হয় ৰাখী বন্ধন৷ সেয়ে শ্ৰাৱণী পূৰ্ণিমাক ৰাখী পূৰ্ণিমাও বুলি কোৱা হয়৷ এই দিনটোত ভনীয়েকে ভায়েকৰ হাতত ৰাখী বান্ধি মঙ্গল কামনা কৰে৷ ভায়েকেও ভনীয়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ সৈতে ভগ্নীয়ে ভাতৃক মিঠাই খুওৱাৰ পৰম্পৰাও প্ৰচলিত আছে৷ এই ৰাখী বন্ধন কিন্তু আৰম্ভণিতে ভায়েক ভনীয়েকৰ উৎসৱ নাছিল৷ বৰং প্ৰথম যেতিয়া ৰাখীৰ প্ৰচলন হয় তেতিয়া এই উৎসৱ পালন কৰিছিল স্বামী-স্ত্ৰীয়ে৷ তাৰ পৰাই ধীৰে ধীৰে এই উৎসৱ ভায়েক ভনীয়েকৰ উৎসৱ হৈ উঠে৷ পুৰাণত ৰাখী বন্ধনৰ বিষয়ে কি উল্লেখ আছে?
ইন্দ্ৰ আৰু সচীৰ ৰাখী বন্ধন
ৰাখী বন্ধনৰ প্ৰচলনক লৈ ভৱিষ্যপুৰাণত এক কাহিনীৰ উল্লেখ আছে৷ সত্যযুগত বৃতাসুৰ নামৰ এক অসুৰ অত্যন্ত ক্ষমতাশালী হৈ উঠিছিল৷ বৃতাসুৰে বৰ লাভ কৰিছিল যে কোনো অস্ত্ৰই তাক আঘাত কৰিব নোৱাৰিব৷ এই বৰত বলীয়ান হৈ দেৱতাসকলক যুদ্ধত পৰাজিত কৰি স্বৰ্গলোক দখল কৰে সেই অসুৰে৷ বৰত বলীয়ান অসুৰক বাৰে বাৰে চেষ্টা কৰিও ইন্দ্ৰই পৰাস্ত কৰিব পৰা নাছিল৷ তেতিয়া মহৰ্ষি দধিচিয়ে দেৱতাসকলৰ বাবে নিজৰ শৰীৰ দান কৰি তেওঁৰ হাতেতে তৈয়াৰ কৰিছিল ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ৷ বৃতাসুৰৰ সৈতে যুদ্ধত যোৱাৰ পূৰ্বে ইন্দ্ৰই দেৱগুৰু বৃহস্পতিৰ কাষলৈ যায়৷ তেওঁ কয় যে এই যুদ্ধত হয়তো তেওঁ জয়ী হ’ব নহয় মৃত্যু হ’ব৷ এই কথা শুনি ইন্দ্ৰৰ সুৰক্ষাক লৈ অত্যন্ত ভীত হৈ পৰে ইন্দ্ৰানী সচী৷ তেওঁ তেওঁৰ সমস্ত সাধনাৰ শক্তি একত্ৰিত কৰি এট বিশেষ ৰক্ষাসূত্ৰ তৈয়াৰ কৰে৷ ইন্দ্ৰৰ সুৰক্ষা কামনা কৰি এই সূতা তেওঁ দেৱৰাজৰ হাতত বান্ধি দিয়ে৷ সেইদিনটো আছিল শাওন মাহৰ পূৰ্ণমা তিথি৷ এই যুদ্ধত বৃতাসুৰক হত্যা কৰি জয়ী হৈ উভতি আহে দেৱৰাজ ইন্দ্ৰ৷
দ্ৰৌপদী আৰু কৃষ্ণৰ ৰাখীবন্ধন
মহাভাৰততো ৰাখী বন্ধনৰ উল্লেখ আছে৷ শিশুপাল বধ কৰিবলৈ সুদৰ্শন চক্ৰ এৰিছিল কৃষ্ণই৷ সেই সময়ত চক্ৰৰ আঘাতত কৃষ্ণৰ আঙুলিও কাটি গৈছিল৷ কৃষ্ণৰ হাতৰ পৰা তেজ পৰা দেখি নিজৰ শাৰীৰ আঁচল চিঙি শ্ৰীকৃষ্ণৰ হাত বান্ধি দিছিল দ্ৰৌপদীয়ে৷ এই প্ৰতিদানতেই কৃষ্ণই তেওঁক সকলো সংকটৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তাৰপাছতেই বস্ত্ৰহৰণৰ সময়তো দ্ৰৌপদীক লজ্জাৰ হাতৰ পৰা ৰক্ষা কৰিছিল শ্ৰীকৃষ্ণই৷
যম আৰু যমুনাৰ ৰাখী বন্ধন
বহুতেই কয় যে যমুনাই তেওঁৰ ভায়েক যমৰ হাতত ৰাখী বান্ধিছিল৷ কোনো কোনো ধৰ্মশাস্ত্ৰত উল্লেখ থকামতে শাওন মাহৰ পূৰ্ণিমাত হতদৰিদ্ৰ নাৰীৰ বেশত বালিৰ কাষত আশ্ৰয় বিচাৰি গৈছিল লক্ষ্মীয়ে৷ বালিয়ে নিজৰ প্ৰাসাদৰ দৰ্জা খুলি দিয়ে সেই দৰিদ্ৰ নাৰীৰ বাবে৷ সুখী হৈ লক্ষ্মীয়ে কাপোৰৰ টুকুৰা বান্ধি দিয়ে বালিৰ হাতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ