এসময়ত বলীউডৰ প্ৰায়সকল অভিনেত্ৰীৰেই তেওঁ ক্ৰাছ আছিল৷ বি টাউনৰ একাধিক প্ৰথম শাৰীৰ অভিনেত্ৰীৰ সৈতে সম্পৰ্কত বান্ধ খাইছিল ৰণবীৰ৷ অভিনয়ৰ ওপৰিও বাৰে বাৰে প্ৰেমৰ সম্পৰ্কৰ কাৰণেই তেওঁ সংবাদ শিৰোনামতো আহিছিল৷ কিন্তু সকলোকে এৰি ২০২২ চনত অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ৰণবীৰে আৰম্ভ কৰিছে সুখৰ সংসাৰ৷ তেওঁলোকৰ বিবাহৰ কেইটামান মাহৰ পাছতেই আলিয়াই জন্ম দিছে কণমানি ৰাহাক৷ ৰাহা ৰণবীৰৰো খুবেই আদৰৰ সেই কথা ছবিয়েই প্ৰমাণ কৰে৷ বিভিন্ন সময়ত কন্যা ৰাহাৰ সৈতে কোৱালিটি টাইম কটাই ৰণবীৰে৷ আলিয়াতকৈ ৰণবীৰেই বেছিকৈ কন্যাৰ সৈতে খেলধেমালীও কৰে বুলি এক সাক্ষাৎকাৰত নিজেই কৈছে আলিয়াই৷ আলিয়াৰ পূৰ্বে ৰণবীৰে একাধিক প্ৰেমৰ সম্পৰ্কত থাকিলেও আলিয়াই ৰণবীৰৰ একমাত্ৰ পত্নী বুলি আমাৰ ধাৰণা৷ কিন্তু এই ধাৰণা মিছা, ৰণবীৰৰ আলিয়াৰ পূৰ্বেও এগৰাকী পত্নী আছে বুলি নিজেই জনাইছে ৰণবীৰে৷ অগ্নিসাক্ষী কৰি এই বিবাহ সম্পন্ন হৈছিল বুলিও এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ৰণবীৰে৷ কিন্তু ৰণবীৰৰ প্ৰথমা স্ত্ৰী কোন? কাৰ সৈতে অগ্নিসাক্ষী কৰি বিয়া কৰাইছিল ৰণবীৰে?
ঘটনাটো সংঘটিত হোৱাৰ কেইবাটাও বছৰ পাৰ হৈছে৷ তেতিয়া সদ্য বলীউডত ভৰি দিছিল ৰণবীৰে৷ প্ৰথমৰ পৰাই ৰণবীৰৰ মহিলা অনুৰাগীৰ সংখ্যা আছিল অন্য তাৰকাতকৈ ঈৰ্ষণীয়৷ এগৰাকী মহিলা অনুৰাগী তেতিয়াই তেওঁৰ ঘৰৰ সন্মুখলৈ আহিছিল৷ ঘৰৰ মুল দুৱাৰৰ বাহিৰত তেওঁ যজ্ঞ পাতি পুৰোহিতক লৈ ৰণবীৰৰ ছবি হাতত লৈ অগ্নিক সাক্ষী কৰি বিয়া কৰায়৷ সম্প্ৰতি এক সাক্ষাৎকাৰত ৰণবীৰে নিজেই জনাই যে তেওঁ প্ৰথম স্ত্ৰীক কেতিয়াও দেখাই পোৱা নাই৷ ৰণবীৰে কয়, ‘যি সময়ত যুৱতীগৰাকীয়ে আমাৰ ঘৰৰ সন্মুখত বিবাহ কৰাইছিল তেতিয়া মই শ্বুটিংৰ বাবে বাহিৰত আছিলো৷ আমাৰ দাৰোৱানজনে সমগ্ৰ ঘটনাৰ বৰ্ণনা মোক দিছিল৷ বিয়াৰ পৰ্ব শেষ কৰি যুৱতীগৰাকীয়ে ঘৰৰ দুৱাৰত তিলক দি এথোপা ফুল মোলৈ এৰি গৈছিল৷ অৱশ্যে মোৰ প্ৰথমা স্ত্ৰীক আজিও মই চিনি নাপাও৷ দেখাও নাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ