ৰথযাত্ৰা হৈছে ওড়িষাৰ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ৷ ওড়িশাবাসীৰ ওপৰিও জগন্নাথৰ ৰথযাত্ৰা আমাৰ ৰাজ্যৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়৷ কাইলৈ ২৭ জুনত পালিত হব ৰথযাত্ৰা৷ প্ৰতি বছৰৰ দৰে এইবাৰো তিনিখন পৃথক ৰথত উঠি মাহিয়েকৰ ঘৰলৈ ৰাওনা হব জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ এই বছৰ বিশেষ শুভ যোগত ৰথযাত্ৰা পালিত হৈছে৷ প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত পালিত হয় ৰথযাত্ৰা৷ আৰু আহাৰৰ শুক্লা একাদশী তিথিত ওলোটাৰথেৰে মাহিয়েকৰ ঘৰৰ পাৰ উভতি আহে জগন্নাথ, বলৰাম আৰু সুভদ্ৰা৷ পঞ্জিকা অনুসৰি ৰথযাত্ৰাৰ দিনাই আছে গুৰু আদিত্য ৰাজযোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ জ্যোতিষ গণনা অনুসৰি এই শুভ যোগৰ প্ৰভাৱত ৰথযাত্ৰাৰ পৰা ভাগ্য খুলিব ৫ ৰাশিৰ জাতকৰ৷ জানি থওক জগন্নাথৰ আশীৰ্বাদ পাব কোন কোন ৰাশিৰ জাতকে?
ৰথতেই ভাগ্য খুলিব বৃষ ৰাশিৰ
বৃষ ৰাশিৰ জাতকৰ সৈতে আছে জগন্নাথৰ কৃপা৷ ৰথযাত্ৰাৰ পৰাই সৌভাগ্যৰ বিশেষ সহায়তা লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱন সুন্দৰ হৈ উঠিব৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ অতিৰিক্ত কিছু অৰ্থ উপাৰ্জন কৰিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ নতুন সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















