অসম লাইভ২৪ঃ শুকুৰবাৰে মানিটাৰি পলিছি কমিটিৰ বৈঠকত একাধিক বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। এফালে ৰেপো ৰেট অপৰিবৰ্তিত ৰখা হৈছে। তেনেকৈয়ে চলিত বছৰৰ জিডিপি বৃদ্ধিৰ পূৰ্বভাসো দিয়া হৈছে। ইয়াৰোপৰি UPIক লৈয়ো ডাঙৰ ঘোষণা কৰা হৈছে। UPI লেনদেনৰ সীমা বৃদ্ধিৰ ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্নৰ শক্তিকান্ত দাসে।
পূৰ্বে এদিনত UPI লেনদেনৰ সৰ্বোচ্চ সীমা আছিল ১ লাখ টকা। সেই লিমিট বঢ়াই কৰা হ’ল ৫ লাখ। অৰ্থাৎ UPI ব্যৱহাৰকাৰীয়ে এদিনত সৰ্বোচ্চ ৫লাখ টকা UPIৰ মাধ্যমেৰে লেনদেন কৰিব পাৰিব। এই নিয়ম কেৱল হাস্পতাল আৰু শিক্ষাপ্ৰতিষ্ঠানৰ লেনদেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব বুলি জনাইছে শক্তিকান্ত দাসে। আৰ বি আইৰ এই সিদ্ধান্তক লৈ নিসন্দেহে সুখী হৈ পৰিছে দেশৰ জনতা। কাৰণ বৰ্তমান যি হাৰত চিকিৎসাৰ খৰচ বাঢ়িছে বহুতেই হাস্পতাল, নাৰ্ছিংহোমৰ বিল আৰু ঔষধৰ খৰচ ১ লাখৰ ওপৰত হ’লে দিয়াত অসুবিধাই দেখা দিয়ে। সেই ক্ষেত্ৰত বিল দিবলৈ বহুতে কাৰ্ড নতুবা কেছ পইছাৰ ব্যৱহাৰ কৰিব লগা হয়। হাস্পতালৰ ওপৰিও শিক্ষাক্ষেত্ৰতো এই UPI লিমিট বৃদ্ধি কৰা হৈছে।
আৰ বিআইৰ গভৰ্নৰে জনোৱামতে সাম্প্ৰতিক সময়ত আৰ্থিক বৃদ্ধিৰ বিচাৰত চলিত আৰ্থিক বছৰত দেশৰ GDP বৃদ্ধিৰ সম্ভাৱনা ৬.৫০ শতাংশৰ পৰা বাঢ়ি ৭শতাংশ কৰা হৈছে। তেওঁ এই সন্দৰ্ভত জনাই যে, প্ৰথম তিনিমাহত দেশৰ GDP ৬.৭ শতাংশ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এইসমূহৰ মাজতেই দেশত হোৱা মুদ্ৰাস্ফীতিক লৈ শংকিত শক্তিকান্ত দাস। তেওঁ কয়, ‘মুদ্ৰাস্ফীতিৰ হাৰ কমি থাকিলেও খাদ্যপণ্যত মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি উদ্বেগজনক। আমি মুদ্ৰাস্ফীতিৰ হাত ৪শতাংশলৈ কমাই অনাৰ লক্ষ্যত এতিয়াও উপনীত হ’ব পৰা নাই। চলিত বছৰত দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫.৬শতাংশ। চতুৰ্থ কোৱাৰ্টাৰত মুদ্ৰাস্ফীতিৰ হাৰ নামি আহি হৈছিল ৫.২ শতাংশ। সামগ্ৰিকভাৱে এই বছৰৰ মুদ্ৰাস্ফীতিৰ হাৰ ৫.৪শতাংশ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ